দৰা ৯৫ বছৰীয়া, কন্যাৰ বয়স ৮৪

প্রথম সাক্ষাতৰ ২৩ বছৰ পিছত পাতিলে বিয়া

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : ২৩ বছৰ আগেয়ে মনৰ মানুহগৰাকীক দেখিছিল চহৰৰ এটা গির্জাত। তেতিয়া মুখ ফুটাই মনৰ ইচ্ছা প্রকাশ কৰিব পৰা নাছিল। ঠিক ২৩ বছৰ পিছত সেই একেই গির্জাত সেই মনৰ মানুহগৰাকীক বিয়া কৰালে ৯৫ বছৰীয়া পাত্রই। ‘ৱেলছ অনলাইন’ত প্ৰকাশিত এক প্রতিবেদন অনুসৰি উক্ত পাত্রৰ নাম জুলিয়ান ময়েল। বয়স ৯৫। আৰু পাত্রী ভেলেৰি উইলিয়ামছ। বয়স ৮৪। যোৱা ১৯ মে’ত তেওঁলোকৰ দুহাত এক হৈছে কার্ডিফৰ এটা গির্জাত। ভালপোৱাৰ মানুহগৰাকীৰ বাবে ২৩ বছৰ ধৰি অপেক্ষা কৰিছিল জুলিয়ানে। তেওঁলোকৰ বিয়াত পৰিয়াল আৰু আত্মীয় মিলি ৪০জন লোক উপস্থিত আছিল। নতুন জীৱন আৰম্ভ কৰাৰ বাবে নৱ দম্পতিক তেওঁলোকে শুভেচ্ছা জনায়। বিয়াৰ পিছত জুলিয়ানে কয়— “এতিয়াও বিশ্বাস হোৱা নাই যে, মই দেখা ২৩ বছৰ আগৰ সেই মানুহগৰাকী মোৰ জীৱনসঙ্গী হৈছে। নতুন বছৰৰ দৰে আমাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হ’ল।” অষ্ট্ৰেলিয়াত জুলিয়ানৰ আচল ঘৰ। তেওঁ জনায় যে, পত্নী ভেলেৰিক লৈ বছৰৰ শেষৰফালে মধুচন্দ্রিকাৰ বাবে তালৈ যাব।

মন্তব্য দিয়ক

Your email address will not be published.