শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৫ ছেপ্টেম্বৰঃ- লখিমপুৰ জিলাৰ ধলপুৰত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত ৫ জন লোক গুৰুতৰ ভাবে আহত হয় ৷ আজি সন্ধিয়া প্ৰায় ৬:৪৫ ত এই ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণি অনুসৰি গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী এ এছ-০১জি চি ০৪৫৫ নম্বৰৰ এখন ১২ চকীয়া ট্ৰাক আৰু লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা ডাব্লিউ বি ৫৭ চি ৩৫৬৮ নম্বৰ ১৪ চকীয়া ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ লাগে। গুৱাহাটীৰ পৰা লখিমপুৰ দিশে যোৱা ট্ৰাকখনৰ পিছে পিছে গৈ থকা এখন চুইফ ডিজাৰে দুই ট্ৰাকৰ সংঘৰ্ষ সৃষ্টি হৈ গতিবেগ স্থবিৰ হৈ পৰাত চুইফ খনেএখন ট্ৰাকৰ পিছফালে খুন্দা মাৰি দিয়াত সৰু গাড়ী খনত থকা আৰোহীও আহত হয় ৷ স্থানীয় ৰাইজ আৰু ধলপুৰ আৰক্ষীয়ে আহত লোকসকলক ধলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ দুৰ্ঘটনাত পতিত সকল ক্ৰমে গহপুৰ জালুকবাৰীৰ শিখা বৰুৱা(৩৬), মুচিদাবাদৰ আহাদ আলি মণ্ডল (৩৫),মুচলিম মণ্ডল (৩৪),ধুবুৰী ফকীৰগঞ্জৰ লালচান আলি(৩৪) আৰু নগাঁও ৰুপাই ইগাৰুল হ’ক (১৫) বুলি জানিব পৰা গৈছে ৷ ইয়াৰে আহাদ আলি মণ্ডল আৰু মুচলিম মণ্ডলৰ জখম গুৰুতৰ হোৱাত দুয়োকে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷