ধাৰাল ছুৰী লৈ ঘূৰিছিল ডাইন’ছৰ !

জানো আহক, ক'ত কৰিছিল বিচৰণ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুন : সমুখৰ ফালে থকা সৰু দুহাত (আচলতে ভৰি) যেন অবিকল ধাৰাল ছুৰী। দুহাতত এই ‘ছুৰী’ লৈ ডাইন’ছৰবোৰ ঘূৰি ফুৰিছিল এছিয়াৰ বিভিন্ন উপকূলত। জনা গৈছে, এনেধৰণৰ ডাইন’ছৰ বিচৰণ কৰিছিল আজিৰ পৰা ১৫৪ মিলিয়ন বছৰ আগেয়ে। সম্প্রতি ‘লাইভ চায়েন্স’ত এই সংক্রান্তত এক প্ৰতিবেদন প্রকাশ পাইছে। তাৰ পৰাই জনা গৈছে যে, এই ধৰণৰ ডাইন’ছৰৰ জীৱাশ্মৰ সন্ধান পাইছে জাপানৰ হোক্কাইডো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। এই জীৱাশ্ম প্রথমবাৰৰ বাবে পোৱা গৈছে এছিয়াৰ উপকূলত। এই দাবী মার্কিন আৰু জাপানৰ গৱেষকসকলৰ। গৱেষণাত জনা গৈছে, জীৱাশ্মটো ডাইন’ছৰৰ এক নতুন প্রজাতিৰ। যাৰ নাম হৈছে Paralitherizinosaurus japonicus। গৱেষণা অনুসৰি, ডাইন’ছৰবিধ দ্বিপদী আৰু প্রাথমিকভাৱে তিনি আঙুলিবিশিষ্ট তৃণভোজী। ইহঁতৰ নখ ধাৰাল ছুৰীৰ দৰে। এই নখৰ দ্বাৰাই ইহঁতে গছপাত চিঙে আৰু পশু চিকাৰ কৰিছিল। এই ধাৰাল নখ ইহঁতে খাদ্য অনুসন্ধানৰ হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰিছিল। ২০০৮ চনত জাপানৰ হোক্কাইডোত এই জীৱাশ্ম আৱিষ্কৃত হৈছিল। বিজ্ঞানীসকলৰ নতুন বিশ্লেষণৰ ওপৰত ভিত্তি কৰি নতুন গৱেষণাৰ লেখকসকলে কৈছে যে, জীৱাশ্মটো টেৰিজিনোছৰাচৰ অন্তর্গত। ইহঁত প্রায় ৩০ ফুটপর্যন্ত বাঢ়িছিল, ৩ টন পর্যন্ত ওজন হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.