ধুবুৰী চিকিৎসা মহাবিদ্যালয়

১২ অক্টোবৰত উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

0 12
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ অহা ১২ অক্টোবৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ধুবুৰী মেডিকেল কলেজ হ’ব অসমৰ নৱমখন মেডিকেল কলেজ। গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি অসমৰ ধুবুৰী মেডিকেল কলেজখন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ২৮ ছেপ্টেম্বৰত নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উদ্বোধনৰ বাবে প্ৰস্তুতিৰ বুজ লয়। চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰথম বেটচৰ পাঠদান। চিকিৎসা মহাবিদ্যালয়খনৰ বিষয়ববীয়া আৰু অন্যান্য প্ৰতিনিধিৰ সৈতে এক বৈঠকতো বহে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকী। মন্ত্ৰীজনে কয়- “উদ্বোধনী সন্দৰ্ভত বিভিন্ন দিশত আলোচনা কৰিছিলোঁ আৰু লগতে ১ নৱেম্বৰৰ পৰা মেডিকেল কলেজখন কাৰ্যক্ষম কৰি তুলিবলৈ পূৰ্বচৰ্তসমূহৰ অৱস্থাৰ বিষয়েও সোধা-পোছা কৰিছিলোঁ”। সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ৱাজেদ আলী চৌধুৰী, ধুবুৰীৰ উপাযুক্ত, আৰক্ষী অধীক্ষক আদিও উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.