শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩ মে : যোৰহাটৰ বৰুৱা চাৰিআলিত আজি দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয়। কোনো ধৰণৰ ধুমুহা বতাহ নহাকৈয়ে যোৰহাটৰ উপযুক্ত কাৰ্যালয় চৌহদৰ এজোপা গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হয়। বৰুৱা চাৰিআলি পাৰ হব খোজোতেই হঠাৎ বৃহৎ আকাৰৰ গছ জোপা বাগৰি পৰে। গছ জোপাৰ ডাল পাতে মহিলা গৰাকীক হেঁচা মাৰি ধৰে। লগে লগে আৰক্ষীয়ে মহিলা গৰাকীক JMCH লৈ প্ৰেৰণ কৰে কিন্তু JMCHত মৃত্যু ঘটে পিংকি ৰবি দাস নামৰ মহিলাগৰাকীৰ। ঘটনাত গুৰুতৰভাৱে আহত আন ২ গৰাকী লোককো JMCHত ভৰ্তি কৰা হয়। মৃত মহিলাগৰাকী যোৰহাট পুলিবৰ সৰুচৰাই গাঁৱৰ বুলি জানিব পৰা গৈছে। JMCH ত চিকিৎসাধীন আহত আন দুজন লোক সম্প্ৰতি বিপদমুক্ত । কিন্তু ধুমুহা বতাহ নহাকৈয়ে কেনেকৈ গছ ডাল বাগৰি পৰিল তাক লৈ বিভিন্ন ধৰণে চৰ্চা অব্যাহত আছে যোৰহাটত।