ধেমাজিত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰীলৈ বাৰদফীয়া স্মাৰকপত্ৰ

0 10

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ জুলাই : সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে আজি সন্থাৰ ধেমাজি জিলা সমিতিয়েও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ধেমাজি নগৰস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ভৱনত জিলাখনৰ তিনি শতাধিক এজেণ্ট সমবেত হৈ চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় । সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি মুহিধৰ পেগুৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন বাৰদফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে । স্মাৰকপত্ৰখনত বিশেষকৈ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ কমিশ্যন প্ৰতি কুইন্টল চাউলত ৪৪০ টকালৈ বৃদ্ধি কৰা, পৰিবহন ব্যয় মাহেকীয়া কৰা, সুলভ মূল্যত চেনী বিতৰণৰ ব্যৱস্থা কৰা, কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰি প্ৰতিখন কাৰ্ডৰ বিপৰীতে ৪-৫ লিটাৰকৈ দিয়াৰ ব্যৱস্থা কৰা, সুলভ মূল্যৰ দোকানৰ জৰিয়তে গেছ চিলিণ্ডাৰ যোগান ধৰা, পশ্চিমবংগৰ আৰ্হিত Food for all নীতিৰে সকলোকে খাদ্য সামগ্ৰী যোগান ধৰা, সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ মাহেকীয়া আয় ৫০,০০০ টকা নিশ্চিতকৰণ কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত ধেমাজিত সুলভ মূল্যৰ ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সভাৰ অন্তত সন্থাৰ সকলো বিষয়-ববীয়া আৰু সদস্য-সদস্যাই হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু স্মাৰকপত্ৰ প্ৰদান কৰে । সুলভ মূল্যৰ ব্যৱসায়ী সকলে অহা ১৭ জুলাইত দিছপুৰ লাষ্ট গেট’ত ধৰ্ণা দিয়াৰ উপৰি দুই আগষ্টত তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.