জামুগুৰিহাট, ৯ নৱেম্বৰঃ নদুৱাৰৰ জয়সিদ্ধিৰ গনেশপুৰৰ এগৰাকী ২২ বছৰীয়া মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ জয়সিদ্ধিৰ নিৱাসী দিব্যজ্যোতি নাথে পত্নী মিতালী দেৱীক উপাৰ্জন কৰি অনা ১৭০০ টকাৰ পৰা ৫০০ টকা জমা দিছিল ৷ দিব্যই মটৰচাইকেল চাৰ্ভিছিংত গৈছিল আৰু সমস্ত ধন খৰচ কৰিছিল ৷ ঘৰৰ ওচৰৰে মৃতকৰ নিয়ামুহি সুধিবলৈ বুলি পিতৃক টকাৰ প্ৰয়োজন হোৱাত স্বামী দিব্যই পত্নীক দি যোৱা ৫০০ টকাৰে ২০০ টকা দিবলৈ কৈছিল ৷ পত্নীয়ে টকাটো দিবলৈ অমান্তি হৈছিল আৰু কাজিয়াৰ সূত্ৰপাত আৰম্ভ হৈছিল ৷ এই ২০০ টকাই কাল হ’ল নেকি? চাৰ্ভিচিংৰ পৰা আহিয়েই মিতালীক মাত লগাই যদিও সহাঁৰি নাপাই খিৰিকীৰে চোৱাত মিতালীয়ে ডিঙিত চাদৰৰে চিপলৈ উলমি থকা প্ৰত্যক্ষ কৰে ৷ ঘটনাস্থলীত ইটাখোলা আৰক্ষী চকীৰ বিষয়া ভাস্কৰজ্যোতি শইকীয়াই মিতালীৰ মৃতদেহটো মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ সন্দেহজনক ভাৱে পৰি থকা মৃতদেহটো ইটাখোলা আৰক্ষী চকীলৈ অনা হয় ৷ মিতালীৰ পিতৃ-মাতৃৰ এজাহাৰৰ ভিত্তিত পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগত মিতালীৰ স্বামী দিব্যজ্যোতি নাথক গ্ৰেপ্তাৰ কৰিছে ৷ জানিব পৰা মতে মিতালীক দিব্যজ্যোতিয়ে বিভিন্ন কথাৰে হাৰাশাস্তি কৰিছিল আৰু যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আত্মহনন কৰাৰ সন্দেহ কৰা হৈছে৷ ইতিমধ্যে তেজপুৰ মেডিকেল কলেজত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টতহে প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা।