নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ

লোকসভা নিৰ্বাচনৰ পূৰ্বেই কাম শেষ কৰাৰ লক্ষ্য

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুন : লোকসভা নির্বাচন ২০২৪ চনত। তাৰ পূৰ্বেই নয়দাত দেশৰ বৃহত্তম বিমানবন্দৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে নৰেন্দ্র মোদী চৰকাৰে। ছুইছ নির্মাণকাৰী সংস্থা ‘জুৰিখ এয়াৰপর্ট ইন্টাৰনেচনেল এজি’-এ নয়দা আন্তর্জাতিক বিমানবন্দৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল। সংস্থাটোৱে উক্ত বিমানবন্দৰ নির্মাণ-সহ পৰিকাঠামোগত কামৰ বাবে দায়িত্ব দিয়ে টাটা গোষ্ঠীৰ নির্মাণ সংস্থা ‘টাটা প্রজেক্টছ’ক। আগন্তুক দুবছৰৰ ভিতৰত বিমানবন্দৰৰ কাম শেষ কৰাৰ লক্ষ্যমাত্রা স্থিৰ কৰা হৈছে। গ্রেটাৰ নয়দাৰ জেওৱাৰত ১৩৩৪ একৰ মাটিত নিৰ্মাণ হৈছে দেশৰ বৃহত্তম আন্তর্জাতিক বিমানবন্দৰটো। প্রথম দফাত এটা ৰাণৱে আৰম্ভ হ’ব। তাত খৰচ পৰিব ৫ হাজাৰ সাতশ কোটি টকা। ইয়াৰ ফলত বছৰত এক কোটি ২০ লাখ মানুহক সেৱা দিব পৰা যাবে। চুক্তি অনুযায়ী টাটাই বিমানবন্দৰৰ টার্মিনেল, ৰাণৱে, উড়ান বিষয়ক পৰিকাঠামো, ৰাস্তা আৰু বিমানবন্দৰৰ অন্যান্য বিল্ডিং নিৰ্মাণ কৰিব। কাম শেষৰ সময়সীমা ধৰা হৈছে ২০২৪ চন। প্রসঙ্গত উল্লেখ কৰিব পাৰি যে, ২০১৯ চনত ‘জুৰিখ এয়াৰপর্ট ইন্টাৰনেচনেল এজি’-এ নয়দাত বিমানবন্দৰ নিৰ্মাণৰ সম্পূৰ্ণ ঠিকা লাভ কৰে। ইয়াৰ পিছত সংস্থাটোৱে নিৰ্মাণ কৰে ‘যমুনা ইন্টাৰনেচনেল এয়াৰপর্ট প্রাইভেট লিমিটেড (YIAPL)। সেই সংস্থাই নির্মাণ সংক্রান্তীয় ঠিকা দিছে টাটা প্রজেক্টছক। এই প্রসঙ্গত টাটা প্রজেক্টছৰ CEO বিনায়ক পায়ে কয়— ‘‘আমি যমুনা ইন্টাৰনেছনেল এয়াৰপর্ট প্রাইভেট লিমিটেডৰ লগত একেলগে কাম কৰি সময়সীমাৰ আগেয়েই কাম শেষ কৰিব বিচাৰিছোঁ। ইয়াৰ বাবে আমি অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰিছোঁ, যিবোৰ প্ৰযুক্তি পৰিৱেশবান্ধৱ আৰু নিৰাপদো।’’ দিল্লীত দেশৰ নতুন সংসদ ভৱন নিৰ্মাণৰ কামতো জড়িত আছে টাটা। তদুপৰি মুম্বাই ট্রান্স হাৰবাৰ লিঙ্ক আৰু বিভিন্ন চহৰত মেট্র ৰেল প্রকল্পৰ কামো কৰিছে তেওঁলোকে।

মন্তব্য দিয়ক

Your email address will not be published.