নলিনীবালা হাজৰিকাৰ দুটি কবিতা

0 36

স্বাধীনতা

স্বাধীনতা আমাৰ সপোন
স্বাধীনতা শুদ্ধ মনৰ সমাধি দাপোণ ৷

হৃদয়ৰ ৰুদ্ধ কপাট খুলি
ভাহি অহা কৰুণ বিননিৰ অৱসান
সীমাহীন নীল আকাশত
মুক্ত পক্ষীৰ উন্মুক্ত কলৰৱ
যেন আনন্দৰ জয়গান

সেয়ে স্বাগতম
হে’ পূৰ্ণ স্বাধীনতা
তোমাৰ উদাৰ গভীৰ বক্ষত
চিত্ৰিত হওক
আমাৰ ত্যাগৰ স্বাক্ষৰ ৷

প্ৰাণ স্বাধীনতা

হে’ মোৰ আকাংক্ষা প্ৰদীপ্ত
শোণিত সৌৰভ, জীৱন গৌৰৱ
নাম দিলোঁ তোমাৰ ‘স্বাধীনতা’ …

পৰাধীনতাৰ শিকলি ছিঙি তুমি আহিলা,
তুমি আহিলা লৌহ কাৰাগাৰৰ বন্ধ কপাট খুলি
উদ্বোধন কৰিলা শত সহস্ৰৰ প্ৰাণ-মহোৎসৱ

এতিয়া উদ্বেলিত আকাশ পৃথিৱী
কাৰণ, মাটিৰ উৰ্বৰা বাসনাযে –
আমাৰ হাতৰ মুঠিতে ৷

ঠিকনাঃ প্ৰাক্তন সভাপতি, যোৰহাট জিলা সাহিত্য সভা, শান্তিপুৰ, নিমাতী পথ, যোৰহাট-১, ভ্ৰাম্যভাষ- ৯৯৫৭২-৯৫৬৬০

মন্তব্য দিয়ক

Your email address will not be published.