নাইনিতালত ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক’প

0 31

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ জুন : হিমালয়ৰ দাঁতি-কাষৰীয়া ৰাজ্য উত্তৰাখণ্ডত স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথম আৰু এছিয়া মহাদেশৰ বৃহত্তম লিকুইড মিৰৰ টেলিস্ক’প। নাইনিতালত থকা ‘আৰ্যভট্ট ৰিচাৰ্ছ ইনষ্টিটিউট অৱ অৱজাৰ্ভেছনেল চায়েন্স’ৰ দেৱস্থল অৱজাৰ্ভেটৰীত এই টেলিস্ক’পটো স্থাপন কৰা হৈছে। পৰম্পৰাগত টেলিস্ক’পতকৈ কিছু পৃথক লিকুইড মিৰৰ টেলিস্ক’প হৈছে প্ৰতিফলন ঘটা জুলীয়া পদাৰ্থ আৰু কাঁচেৰে নিৰ্মিত এবিধ সুকীয়া টেলিস্ক’প। সাধাৰণতে এনে ধৰণৰ টেলিস্ক’পত পাৰাক প্ৰতিফলন ঘটা জুলীয়া পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। এই টেলিস্ক’পটো স্থিৰ অৱস্থাত থাকে। ই আন টেলিস্ক’পৰ দৰে ঘূৰ্ণীয়মান নহয়। হিমালয় অঞ্চলৰ ২,৪৫০ মিটাৰ উচ্চতাত আন্তৰ্জাতিক সহযোগিতাৰে স্থাপন কৰা এই অত্যাধুনিক টেলিস্ক’পটোৰ সহায়ত মহাকাশত বিচৰণ কৰা গ্ৰহাণু, মহাকাশ আৱৰ্জনা, ছুপাৰন’ভা আৰু অন্যান্য মহাকাশীয় পৰিঘটনা ইত্যাদি পৰ্যবেক্ষণ কৰা হ’ব। ইতিমধ্যে টেলিস্ক’পটো স্থাপনৰ কাম সম্পূৰ্ণ হৈছে আৰু এই বছৰৰে অক্টোবৰ মাহৰ পৰা বৈজ্ঞানিক নিৰীক্ষণ কাৰ্য আৰম্ভ হ’ব। জুনৰ পৰা আগষ্ট মাহৰ বাৰিষা কালছোৱাৰ বাহিৰে এই টেলিস্কোপটোৰ পৰা দৈনিক তথ্য সংগ্ৰহ কৰিব পৰা যাব। জ্যোতিৰ্বিজ্ঞানৰ নিৰীক্ষণ আৰু অধ্যয়নৰ বাবে দেৱস্থল এডোখৰ অতি সুচল আৰু উপযুক্ত স্থান বুলি বিবেচিত হৈছে। ইয়াত ইতিমধ্যে ৩.৬ আৰু ১.৩ মিটাৰৰ দুটা অপ্টিকেল টেলিস্ক’প পূৰ্বৰ পৰাই কাৰ্যক্ষম হৈ আছে। ভাৰতত প্ৰথম বাৰৰ বাবে স্থাপন কৰা এই আন্তৰ্জাতিক লিকুইড মিৰৰ টেলিস্ক’পটোৰ যন্ত্ৰাংশ যোগান ধৰিছে বেলজিয়াম আৰু কানাডাই। ভাৰতৰ দায়িত্ব হৈছে টেলিস্ক’পটো পৰিচালনা কৰা।

মন্তব্য দিয়ক

Your email address will not be published.