শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : মানৱ সভ্যতাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে আত্মহত্যাৰ অভিযানত নামিছে নাছা! অহা সপ্তাহত ডাবল এষ্ট্ৰয়ড ৰিডাইৰেকচন টেষ্ট (DART) মহাকাশযানখনে পৃথিৱীৰ পৰা ১ কোটি ১০ লাখ মাইল দূৰত থকা এটা গ্ৰহাণুত খুন্দা মাৰিব। কেৱল নাছা এই প্ৰকল্পৰ সৈতে জড়িত নহয়, ইউৰোপীয় মহাকাশ সংস্থাও জড়িত হৈ আছে। বিভিন্ন আকাৰৰ গ্ৰহাণুবোৰ প্ৰায়ে পৃথিৱীৰ অতি ওচৰেদি পাৰ হৈ যায়। সৰুবোৰক লৈ চিন্তাৰ কাৰণ নাই, কিন্তু ডাঙৰবোৰে সমস্যা সৃষ্টি কৰিব পাৰে। সমগ্ৰ মানৱ সভ্যতা ধ্বংস কৰিব পাৰে; যিদৰে ডাইনোছৰবোৰ বিলুপ্ত হ’ল। সেয়েহে পৃথিৱীৰ ফালে ধাৱমান গ্ৰহাণুবোৰক মহাকাশযানৰ দ্বাৰা টুকুৰা টুকুৰ কৰি পেলাব পাৰিনে নোৱাৰি সেইটো পৰীক্ষা কৰাৰ বাবেই হৈছে এই আত্মঘাতী আক্ৰমণ। এই পৰীক্ষা সফল হ’লে পৃথিৱীৰ প্ৰতিৰক্ষা ব্যৱস্থাক সুৰক্ষিত কৰাৰ নতুন উপায়ৰ সূচনা হ’ব। আজি ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। এই পৰীক্ষাৰ ফটো তুলিবলৈ নাছাই এটা সৰু উপগ্ৰহো প্ৰেৰণ কৰিছে। ২৪ ঘণ্টাৰ পিছত পুনৰ পৃথিৱীলৈ ঘূৰি আহিব এই উপগ্ৰহ। প্ৰসংগক্ৰমে, ইয়াৰ পূৰ্বে ১৯৯৮ চনত হলিউডৰ ছবি ‘আৰ্মাগেডন’ত পৃথিৱীৰ ফালে গৈ থকা এটা বৃহৎ গ্ৰহাণু নাছাৰ এখন মহাকাশযানে গুলীয়াই নিঃশেষ কৰিছিল। এতিয়া চিনেমাখনৰ কাহিনী বাস্তৱ হ’বলৈ গৈ আছে। ডাৰ্ট মহাকাশযানখনৰ আকাৰ ৱাশ্বিং মেচিনৰ তুলনাত প্ৰায় দুগুণ। বাকচ আকৃতিৰ মহাকাশযানখন ১৮ মিটাৰ ওখ দুটা সৌৰ পেনেলৰ সৈতে সংলগ্ন কৰা হৈছে। ২০২১ চনৰ ২৪ নৱেম্বৰত কেলিফৰ্ণিয়াৰ ভেণ্ডেনবাৰ্গ বায়ুসেনা ঘাটিৰ পৰা স্পেচএক্স ফেলকন ৯ ৰকেটত উৎক্ষেপণ কৰা হৈছিল এই যানখন। প্ৰায় ৯ মাহৰ পাছত পৃথিৱী আৰু মংগল গ্ৰহৰ মাজত অৱস্থিত ডিডিম’ছ গ্ৰহাণুৰ কাষ চাপিছে। কিন্তু ৭৪৯ মিটাৰ ব্যাসাৰ্ধৰ ‘ডিডিম’ছ’ গ্ৰহাণুটো নাছাৰ লক্ষ্য নহয়। ডিডিম’ছক প্ৰদক্ষিণ কৰি থকা আন এটা সৰু গ্ৰহাণু আছে। ডাৰ্ট মহাকাশযানখনে এই গ্ৰহাণুটোত প্ৰতি ঘণ্টাত ১৫ হাজাৰ মাইল বেগত খুন্দা মাৰিব। যিটো সৰু উপগ্ৰহ প্ৰেৰণ কৰা হৈছে, সেইটোৱে শ্বকৰ আগত, শ্বকৰ সময়ত আৰু পিছত তথ্য সংগ্ৰহ কৰিব। নাছাই আশা কৰিছে যে এই প্ৰভাৱৰ ফলত ডিডিম’ছক প্ৰদক্ষিণ কৰি থকা সৰু গ্ৰহাণুটো ভগ্নাংশত পৰিণত হ’ব। ইতিমধ্যে জ্যোতিৰ্বিজ্ঞানীসকলে পৃথিৱীৰ ওচৰত থকা কমেও ২৬ হাজাৰ বস্তু চিনাক্ত কৰিছে। ইয়াৰে প্ৰায় ৪৭০০টা ভয়ানক। কাৰণ ইহঁতৰ ব্যাস ৫০০ ফুটতকৈয়ো অধিক। এইবোৰ পৃথিৱীৰ পৰা ৪ কোটি ৭০ লাখ মাইলৰ ভিতৰত প্ৰৱেশ কৰিলে তীব্ৰ বেগেৰে পৃথিৱীৰ বুকুত খুন্দা মাৰিব পাৰে। ই ভয়ংকৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে। নাছা আৰু ই এছ এৰ এই পৰীক্ষা যদি সফল হয় তেন্তে ভৱিষ্যতে এনে দুৰ্যোগৰ পৰা হাত সাৰিব পৰা যাব।
পূৰ্বৱৰ্তী লেখা
কিমান সাৰ্থক হ’ব বিশৃংখল তিনিচুকীয়াৰ ১৩০.৬৫ বর্গ কি.মি. এলেকাত মাষ্টৰ প্লেন ৰূপায়ণৰ প্ৰস্তুতি
পৰৱৰ্তী লেখা