- “অসমীয়া নাট্য পৰম্পৰাত দণ্ডিনাথ কলিতাৰ নাট্য সাহিত্যৰ স্হান” শীৰ্ষক বিষয়ত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকৰ মনোজ্ঞ বক্তৃতা
- শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৮ মে’ঃ দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া সাহিত্যৰ বিংশ শতিকাৰ আগলিভাগৰ এটি বহুমাত্ৰিক বক্তি প্ৰতিভাক কেৱল নাট্যকাৰ হিচাপে বিচ্ছিন্ন কৰি আলোচনা কৰিব নোৱাৰি। আধুনিক পাশ্চাত্য সাহিত্যৰ অবিসম্বাদী সাহিত্যিক চৰিত্ৰ টি.এছ.এলিয়টে যিদৰে প্ৰথমে কবিতাৰ জগতত পৰিভ্ৰমণ কৰি নাট্যজগতত ভুমুকি মাৰিছিল আৰু অবিনাশী স্বাক্ষৰ এৰি থৈ গৈছিল ঠিক তেনেদৰেই দণ্ডিনাথ কলিতায়ো সুক্ষ্ম কবিতাৰ জগতখনত বিচৰণ কৰি পঞ্চম বেদ বুলি অভিহিত নাট্য সাহিত্যৰ জীপাল জগতখনত খোজ দিছিল বুলিব পাৰি বুলি আজি তেজপুৰত সু – সাহিত্যিক দণ্ডিনাথ কলিতাৰ ওপৰত মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড° দয়ানন্দ পাঠকে ।তেজপুৰৰ “দণ্ডিনাথ কলিতা স্মাৰক ন্যাস” ৰ উদ্যোগত আজি শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আয়োজিত একাদশ সংখ্যক স্মাৰক বক্তৃতানুষ্ঠানত “অসমীয়া নাট্য পৰম্পৰাত দণ্ডিনাথ কলিতাৰ নাট্য সাহিত্যৰ স্হান” শীৰ্ষক বিষয়ত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড° দয়ানন্দ পাঠকে আৰু কয় – মধ্যযুগীয় ভাৰতীয় সাহিত্যৰ প্ৰথমগৰাকী নাট্যকাৰ মহাপুৰুষ শঙ্কৰদেৱৰ সৃষ্ট নাট্য পৰম্পৰাৰ বীজ আধুনিক কাললৈ কঢ়িয়াই অনা আধুনিক অসমীয়া নাট্যকাৰসকলৰ অন্যতম আছিল দণ্ডিনাথ কলিতা। মহাপুৰুষজনাৰ সৃষ্ট নাট্য পৰম্পৰাৰ আধাৰতেই পৰৱৰ্তী যুগৰ অসমীয়া নাটকৰ আলোচনা কৰাটো প্ৰয়োজন। গুণাভিৰাম বৰুৱাৰ ‘ৰাম নৱমী’ নাটকৰ মাজেৰে প্ৰকাশ ঘটা মহাপুৰুষজনাৰ সৃষ্ট নাটৰীতিৰ বিপৰীতধৰ্মী শৈলী তথা পৰম্পৰাৰ এক গভীৰ তাত্বিক অন্বেষণ দণ্ডিনাথ কলিতাদেৱে কৰি গৈছিল আৰু নাটকৰ ক্ষেত্ৰত সুক্ষ্ম দাৰ্শনিক তথা সুকীয়া সমালোচনাত্মক দৃষ্টিভংগীৰে তেখেতে নাট্য শিল্পক সমাজ পৰিবৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছিল। “সতীৰ তেজ” , “কীচক বধ,” “অগ্নি পৰীক্ষা”, “মুক্তিৰ অভিযান” “পোহনীয়া কুকুৰ”, “নগৰৰ বিহুতলী” আদি নাটকত তেওঁৰ এই দৃষ্টিভংগীত অধিক শক্তিশালী ৰূপত মূৰ্তমান হৈ উঠিছে বুলি মন্তব্য কৰি কবিতা পুথি “ৰহঘৰা”, “অসম সন্ধ্যা” আদি কাব্যপুথিত সন্নিবিষ্ট কবিতাসমূহৰ মাজতো তেওঁৰ নাটকত পৰিস্ফুট হোৱা সমভাবাপন্ন চেতনাৰ প্ৰকাশ ঘটিছে।বাহ্যিক দৃষ্টিৰে বহুমাত্ৰিকতাৰ আভাস দিলেও কবি দণ্ডিনাথ আৰু নাট্যকাৰ দণ্ডিনাথ এটি মুদ্ৰাৰে ইপিঠি সিপিঠি বুলিব পাৰি। অসমীয়া নাট্য সাহিত্যৰ আধুনিকৰণৰ প্ৰক্ৰিয়া দণ্ডিনাথ কলিতাৰ কাপৰ প্ৰভাবত অধিক গতিশীল হৈ উঠিছে। এশবছৰৰ পূৰ্বে ৰচিত তেওঁৰ নাটসমূহ আধুনিক চেতনাৰে এনেদৰে ভাস্বত যে নাটকসমূহে বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবেও সমানেই উপাদেয় আৰু আকৰ্ষণীয়। “বীৰ চিলাৰায়”ৰ দৰে বুৰঞ্জীমূলক নাটকৰ প্ৰসংগত তেওঁ নাট্যকাৰ এজনৰ স্বাধীনতা সম্পৰ্কত সতৰ্ক আছিল। এগৰাকী ঐতিহাসিক নাট্যকাৰ যে প্ৰথম চৰ্ততেই এজন নাট্যকাৰ ইতিহাসবিদ নহয় সেইসম্পৰ্কত থকা তেওঁৰ সুস্পষ্ট ধাৰণা তেওঁৰ লেখাত বলিষ্ঠ ৰূপত প্ৰকাশ ঘটিছে। সৃষ্টিশীল লেখকৰ লেখাৰ স্বাধীনতা সম্পৰ্কত তেখেতৰ সুস্পষ্ট ধাৰণা আধুনিক কোনো কোনো সৃষ্টিশীল লেখকৰ মাজত অভাৱ দেখা যায়। দণ্ডিনাথ কলিতাৰ নাটকৰ প্ৰকৃত মূল্যায়ণ সাম্প্ৰতিক কালত নোহোৱাতো পৰম পৰিতাপৰ বিষয়,যদিও তেওঁৰ নাট্যসম্ভাৰৰ মাজেৰে অসমৰ প্ৰাক্ স্বাধীনতাকালীন সমাজ-সংস্কৃতি- ইতিহাসৰ জীয়া ছবি প্ৰতিফলিত হৈছে বুলি নিৰ্দিষ্ট বিষয়ৰ ওপৰত বিশ্লেষণাত্মক মন্তব্য আগবঢ়ায়। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু ন্যাসৰ সভাপতি বিপিন কটকীৰ পৌৰোহিত্যত অনুষ্ঠিত এই স্মাৰক বক্তৃতানুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে দণ্ডিনাথ কলিতাৰ পুত্ৰ বিশিষ্ট চিকিৎসক তথা প্ৰবীণ ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতাই। কন্ঠশিল্পী তথা অধিবক্তা ত্ৰিবেণী ভট্টাচাৰ্য্যৰ বৰগীতেৰে আৰম্ভ হোৱা আৰু ন্যাসৰ সহকাৰী সম্পাদক বিশিষ্ট লেখক নবীন চন্দ্ৰ লহকৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে আসন অলঙ্কৃত কৰা বিশিষ্ট সাহিত্যিক ড° দয়ানন্দ পাঠকৰ জীৱন কৃতীৰ এটি চমু অথচ চিত্তাকৰ্ষক পৰিচয়সূচক বক্তব্য আগবঢ়াই দণ্ডিনাথ কলিতাৰ জীয়াৰী, সুলেখিকা মাধুৰী কলিতা চৌধুৰীয়ে। শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাস, অসমীয়া ক্লাৱৰ সভানেত্ৰী অৰুণা দেৱীয়ে আসন অলঙ্কৃত কৰা অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে দণ্ডিনাথ কলিতাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি অৰ্পণেৰে। বন্তি প্ৰজ্বলন কৰে দণ্ডিনাথ কলিতাৰ পুত্ৰ ডাঃ বিশ্বৰঞ্জন কলিতাই। দণ্ডিনাথ কলিতাদেৱে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত আবৃত্তি কৰা ‘বাজ বীণা মোৰ’ শীৰ্ষক কবিতাটি লেখিকা ৰাণু হাজৰিকাই আবৃত্তি কৰা অনুষ্ঠানটিত ন্যাসে শিক্ষাৰ্থীৰ মাজত আয়োজন কৰা গীতাৰ শ্লোকৰ আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা তেজপুৰৰ শঙ্কৰদেৱ শিশু নিকেতনৰ লাকী বি. চাংমাই সংস্কৃত কবিতা আবৃত্তি কৰে। এই অনুষ্ঠানতেই গীতা শ্লোক আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক নগদ ধনসহ মানপত্ৰৰে পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰথম পুৰস্কাৰ লাভ কৰে লাকী বি. চাংমা, উদ্গণি পুৰস্কাৰ লাভ কৰে ক্ৰমে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেৱজ্যোতি দত্ত, দেৱকান্ত দাস আৰু শঙ্কৰদেৱ শিশু নিকেতনৰ জিজ্ঞাসা পাঠকে।ন্যাসৰ সদস্য তথা তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই শলাগ জ্ঞাপন কৰা আজিৰ এই অনুষ্ঠানত দণ্ডিনাথ কলিতাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে নাতি বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা, বোৱাৰী, লেখিকা জুৰী কলিতা, নাতি মৃন্ময় কলিতা, তন্ময় কলিতা, বিশিষ্ট অধিবক্তা অনন্ত গোস্বামী, তেজপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক, অধ্যাপক পল্লৱ ভট্টাচাৰ্য্য, অসমীয়া ক্লাবৰ সম্পাদিকা অনু দেৱী মহন্ত, ন্যাসৰ সহকাৰী সম্পাদক বিদ্যুৎ বিজয় মহন্ত, অসমীয়া ক্লাবৰ প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সম্পাদক পংকজ শৰ্মা, বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতা, প্ৰবীণ চিকিৎসক ডাঃ প্ৰদীপ বৰুৱা আদিয়ে।