শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাই : আমেৰিকাই ভাৰতক নাটোৰ সৈতে সংযোগ কৰিব বিচাৰিছে ! জনা গৈছে যে এই সামৰিক মিত্ৰজোঁটে কেইদিনমানৰ ভিতৰতে কিছুমান নতুন দেশক নাটোৰ সৈতে প্ৰতিৰক্ষা অংশীদাৰিত্বৰ প্ৰস্তাৱ আগবঢ়াব। ভাৰত তাৰ ভিতৰত অন্যতম। এটা সংবাদ সংস্থাক সাক্ষাৎকাৰ দি থকাৰ সময়তে ভাৰতীয় মূলৰ আমেৰিকাৰ সাংসদ ৰো খান্নাই এই কথা কয়। প্ৰসংগক্ৰমে উল্লেখ্য যে কিছুদিন পূৰ্বে এই ৰো খান্নাই আমেৰিকাৰ নিষিদ্ধ CATSA আইনৰ পৰা ভাৰতক ৰেহাই দিয়াৰ প্ৰস্তাৱ দিছিল। এক সাক্ষাৎকাৰত তেওঁ কয়— ‘‘নাটোৰ নেতৃত্বই আন কেইবাখনো দেশৰ সৈতে প্ৰতিৰক্ষা চুক্তি কৰিব বিচাৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়া, জাপান, নিউজিলেণ্ড, ইজৰাইল আৰু দক্ষিণ কোৰিয়াৰ সৈতে চুক্তিৰ কথা বিবেচনা কৰা হৈছে। মই বিচাৰোঁ সেই তালিকাত ভাৰতৰ নাম সংযোজন হওক। সেইটোৱে এই প্ৰতিৰক্ষা চুক্তিখন কাৰ্যকৰী কৰাত সহায় কৰিব।” তেওঁ লগতে কয় যে আমেৰিকাই ভাৰতৰ সৈতে সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। খান্নাৰ ভাষ্য— “দুয়োখন গণতান্ত্ৰিক দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব অতি প্ৰয়োজনীয়। বিশেষকৈ চীন আৰু ৰাছিয়াই অতি আক্ৰমণাত্মক নীতি গ্ৰহণ কৰি আহিছে। এনে অৱস্থাত ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰতিৰক্ষামূলক মিত্ৰতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।” প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে ৰাছিয়াৰ পৰা অস্ত্ৰ ক্ৰয় কৰাৰ পিছতো আমেৰিকাই ভাৰতৰ ওপৰত বাধা আৰোপ কৰা নাই। আমেৰিকাৰ কংগ্ৰেছৰ সকলো দলে ভাৰতক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়াৰ সমৰ্থন কৰিছিল। ৰো খান্নাই কয় যে চীনৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ আমেৰিকা ভাৰতৰ কাষত থিয় দিব লাগে। তেওঁ কয়— “ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে কাম কৰি আছোঁ। আমি এটা কথা মনত ৰখা উচিত যে চীনৰ সৈতে সীমা সংঘাতত ভাৰতে নিজকে ৰক্ষা কৰিব পাৰে।” ভাৰতে নাটোত যোগদান কৰিব বিচৰাৰ অন্যতম মূল কাৰণো চীনৰ আগ্ৰাসন। শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ যথেষ্ট উৎসাহী হৈ পৰিছে। ৰাছিয়াৰ পৰা ভাৰতে তেল বা অস্ত্ৰ ক্ৰয় কৰে। ইয়াৰ পিছতো আমেৰিকাই ভাৰতৰ বিৰোধিতা কৰা নাই। ইয়াৰ বিপৰীতে দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব বিচৰা আমেৰিকাই এই বাৰ্তা দিছে। আমেৰিকাৰ কেইবাজনো নেতাই ভাৰত-আমেৰিকাৰ সম্পৰ্ক আটাইতকৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক বুলি কৈছে। সেই সম্পৰ্ক শক্তিশালী কৰিবলৈকে আমেৰিকাই ভাৰতক নাটোৰ সৈতে সংযোগ কৰিব বিচাৰেনে? বিশেষজ্ঞ মহলত এক ডাঙৰ প্ৰশ্ন।