নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ নাটকৰ ছয় হাত মাথোঁ মহুৰত সম্পন্ন

0 53

শতাব্দ প্ৰতিনিধি তেজপুৰ ৭ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী প্ৰবীন নাট্যকাৰ,পৰিচালক তথা অভিনেতা ঐশ্বৰ্য কাকতিৰ জন্ম দিনটো তেওঁ ব্যতিক্ৰমী ধৰণে পালন কৰি আহিছে।নিজৰ ওপজা দিনত কাকতিয়ে ৰাইজলৈ উপহাৰ দিয়ে একোখনকৈ নতুন নাটক।এইবাৰো অহা দুই নবেম্বৰত তেজপুৰত এখন ভিন্ন ৰুচিৰ মননশীল নাটক উপহাৰ দিবলৈ সাজু হৈছে বিশিষ্ট নাটকাৰ গৰাকী।কালি সন্ধিয়া এইসন্দৰ্ভত তেজপুৰ সাহিত্য সভা ভৱনত নাট্যকাৰ গৰাকীৰ ৰচিত নাটক “ছয় হাত মাথোঁ” নাটকখনৰ এক মাঙ্গলিক পৰিবেশত শুভ মহুৰত সম্পন্ন কৰে।এই বিশেষ অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যাপক পূৰ্ণেশ্বৰ নাথে ভাষণ প্ৰদান কৰি কয় যে,নাট্যকাৰ কাকতিয়ে তেওঁৰ লিখনিৰ জৰিয়তে হাস্য ব্যংগ শৈলীৰে বহু বাস্তব সত্যক উদঙাই দিয়ে ।আনহাতে,তেজপুৰ জ্যেষ্ঠ নাগৰিক সন্হাৰ সভাপতি ড° প্ৰদীপ বৰুৱাই এনে পদক্ষেপক প্ৰশংসা কৰে।ৰুবী ছাত্ৰাই আঁত ধৰা এই মহুৰত অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱা, বিশিষ্ট গীতিকাৰ তথা বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড সতীশ ভট্টাচাৰ্য, শিক্ষাবিদ ৰবীন শৰ্মা নাট্যকাৰ সপোণ শইকীয়া,অভিনেত্ৰী জাহানাৰা বেগম, চিমি গোস্বামীকে ধৰি বহুকেগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয় মহুৰত অনুষ্ঠানত ৷মহুৰত অনুষ্ঠানত শিল্পী চন্দ্ৰক্ষী মহন্তই এক নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে

মন্তব্য দিয়ক

Your email address will not be published.