শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : এপ্ৰিল মাহৰ ডেল্টা স্ক’ৰৰ ভিত্তিত নীতি আয়োগে শ্ৰেণীভুক্ত কৰা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ নামছাই জিলাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলাত স্থান লাভ কৰিছে। নামছায়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লাভ কৰা ১৪ নম্বৰ স্থানৰ পৰা এক নম্বৰলৈ আগুৱায়, বিগত কেইবছৰমানৰ পৰা অঞ্চলটোৱে প্ৰত্যক্ষ কৰি অহা পৰিৱৰ্তনশীল বিকাশৰ বাবেই। জিলাখনৰ সামগ্ৰিক কম্পোজিট স্ক’ৰ মাৰ্চ মাহত ৫১.৫৩ৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহত ৫২.০৮লৈ উন্নত হোৱাৰ বিপৰীতে ইয়াৰ ডেল্টা স্ক’ৰও যথেষ্ট বৃদ্ধি পাইছে। নামছায়ে স্বাস্থ্য আৰু পুষ্টি খণ্ডত যথেষ্ট উন্নতি সাধন কৰে। কাৰণ মাৰ্চ মাহত ৭৩.০১ৰ পৰা এপ্ৰিল মাহত ৭৭.০৯ লৈ বৃদ্ধি পাই ডেল্টা ৰেংকিঙৰ ক্ষেত্ৰত অন্যান্য আকাংক্ষিত জিলাসমূহৰ ভিতৰত ৩য় স্থানলৈ আগুৱাইছিল। জিলাখনে ২০২০ চনত ডেল্টা ৰেংকিঙত ১ম আৰু ২০১৯ চনত স্বাস্থ্য খণ্ডত ২য় স্থান লাভ কৰাৰ বিপৰীতে ২০১৯ আৰু ২০২০ চনত দুবাৰকৈ শিক্ষা খণ্ডত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। শিক্ষা খণ্ডত জিলাখনৰ ডেল্টা ৰেংক চলিত বৰ্ষৰ এপ্ৰিল মাহৰ বাবে নৱম স্থানত আছে। নামছায়ে মৌলিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত নিজৰ ৰেংকিঙত কোৱাণ্টাম জাঁপ দি ৫২.০২ স্ক’ৰ লাভ কৰাৰ বিপৰীতে মাৰ্চ মাহত ৫১ নম্বৰৰ স্ক’ৰেৰে ডেল্টা ৰেংকিঙৰ ক্ষেত্ৰত দশম স্থানলৈ লৈ যায়। মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপমুখ্যমন্ত্ৰী চৌনা মেইনে প্ৰথমে নামছাইৰ জনসাধাৰণ আৰু প্ৰশাসনক এই সাফল্যৰ বাবে অভিনন্দন জনাই কয়- “আকাংক্ষিত জিলা কাৰ্যসূচীৰ অধীনত ২০২২ চনৰ এপ্ৰিল মাহৰ বাবে সামগ্ৰিক প্ৰদৰ্শনত ১ম স্থান লাভ কৰাৰ বাবে নামছাই জিলালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। উপায়ুক্ত আৰ কে শৰ্মা আৰু কেন্দ্ৰীয় প্ৰভাৰী বিষয়াৰ নেতৃত্বত জিলা দলৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আবেগৰ শলাগ ল’লোঁ।”— খাণ্ডুৱে টুইট কৰি কয়। নামছাইক প্ৰথম ৰেংক লাভ কৰাৰ বাবে ৫ কোটি টকাৰ অতিৰিক্ত আবণ্টন দিয়া হ’ব। ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা এই আকাংক্ষিত জিলা কাৰ্যসূচীৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ ১১২ খন অতি অনুন্নত জিলাক দ্ৰুত আৰু ফলপ্ৰসূভাৱে ৰূপান্তৰিত কৰা। নীতি আয়োগে প্ৰকাশ কৰা এই ডেল্টা ৰেংকিঙে স্বাস্থ্য আৰু পুষ্টি, কৃষি আৰু জলসম্পদ, শিক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মৌলিক আন্তঃগাঁথনিৰ ৬টা উন্নয়নমূলক ক্ষেত্ৰত আকাংক্ষিত জিলাসমূহে লাভ কৰা অগ্ৰগতি দেখুৱায়।।