নাৰায়ণপুৰৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈলৈ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’

0 0

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ,২৩ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ অগ্ৰগণ্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সামাজিক অনুষ্ঠান অসম জ্ঞান ৰত্ন সমন্বয় গোষ্ঠীৰ চলিত বৰ্ষৰ ‘অসম জ্ঞান ৰত্ন কৃষি সৌৰভ বঁটা’ৰ বাবে মনোনীত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অনুবৈছা গাৱৰ বিশিষ্ট কৃষক পূৰ্ণেশ্বৰ গগৈ।বিগত বিশ বছৰৰো অধিক কাল কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰি জৈৱিক খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা পুৰ্ণেশ্বৰ গগৈ এই সন্মানৰ বাবে বাচনি হোৱাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। আগন্তুক ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বেলতলাস্থিত অমলপ্ৰভা ভৱনত বিশিষ্ট কৃষকগৰাকীক প্ৰদান কৰা হ’ব এই বিশেষ সন্মান।

মন্তব্য দিয়ক

Your email address will not be published.