শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : নাৰী নে পুৰুষ, কাৰ মূৰ বেছি গৰম হৈ থাকে? এই লৈ তর্ক-বিতর্ক চলিয়েই থাকে। কিন্তু আক্ষৰিক অর্থত কাৰ মস্তিষ্কৰ উষ্ণতা বেছি সেয়া কিন্তু নিশ্চিত কৰি কৈ দিব পাৰে বিজ্ঞানে। অদ্ভুত যেন লাগিলেও সত্য। কেমব্রিজৰ মলিকিউলাৰ বায়’লজিৰ এদল গৱেষকৰ সাম্প্রতিক এক গৱেষণাত পোহৰলৈ আহিছে যে, গড়ে নাৰীসকলৰ মস্তিষ্কৰ উষ্ণতা পুৰুষসকলৰ তুলনাত বহু বেছি। ২০ৰ পৰা ৪০ বছৰ বয়সৰ ৪০ গৰাকী নাৰী-পুৰুষৰ ওপৰত কৰা এই গৱেষণাটোৱে কৈছে যে, পুৰুষসকলৰ তুলনাত গড়ে প্রায় ০.৪ ডিগ্রী চেলচিয়াছ বেছি উষ্ণ হৈ থাকে নাৰীৰ মস্তিষ্ক। সকলো মিলি মানুহৰ মস্তিষ্কৰ ভিতৰৰ অংশৰ উষ্ণতা সর্বোচ্চ ৪০.৯ ডিগ্রী চেলচিয়াছ পর্যন্ত হ’ব পাৰে বুলি দাবী গৱেষকসকলৰ। কিন্তু ঠিক কি কাৰণে এনে হয় তাক লৈ নিশ্চিত নহয় গৱেষকসকল। তেওঁলোকৰ অনুমান— এই উষ্ণতাৰ লগত ঋতুস্রাবৰ সংযোগ থাকিব পাৰে। গৱেষকসকলে জনাইছে যে, ডিম্বস্ফুটন বা অভিউলেচন প্রক্রিয়াৰ পিছত মস্তিষ্কৰ উষ্ণতাৰ তুলনাত এই প্রক্রিয়াৰ আগেয়ে প্রায় ০.৪ ডিগ্রী চেলচিয়াছ কম থাকে নাৰীৰ মস্তিষ্কৰ উষ্ণতা। অৱশ্যে গোটেই বিষয়টোৰ লগত মেজাজ গৰম কৰা নকৰাৰ কোনো সংযোগ আছে নে নাই, সেই লৈ একোৱেই কোৱা নাই গৱেষকসকলে।