নিজৰ প্ৰাণ দি ছাগলী পোৱালি ৰক্ষা কুকুৰাৰ

৫০০ লোকক শুশ্ৰূষাৰে গৰাকীয়ে কৰিলে শেষকৃত্য

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : নিজৰ পোহনীয়া জন্তুৰ প্ৰতি সকলোৰে দুৰ্বলতা বেলেগ বেলেগ। এনে প্ৰাণীৰ মৃত্যুৱে শোকৰ গভীৰ ছাঁ পেলায় গৰাকীৰ মনত। কিন্তু এইবাৰ এটা পোহনীয়া কুকুৰাৰ মৃত্যুৰ পিছতে সকলো স্তম্ভিত হৈ পৰে যেতিয়া এজন ব্যক্তিৰ অভূতপূৰ্ব সিদ্ধান্তৰ বিষয়টো চৰ্চালৈ আহিল। মূলতঃ এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ পৰলৌকিক ক্ৰিয়া বিভিন্ন ৰীতি-নীতিৰে সম্পূৰ্ণ হয়। এই ক্ষেত্ৰত কুকুৰাৰ গৰাকীয়ে কুকুৰাটোৰ মৃত্যুৰ পিছত পৰিয়ালৰ সদস্য এজনৰ দৰেই সকলো কাৰ্য সম্পূৰ্ণ কৰিলে। হয়, অবিশ্বাস্য যেন লাগিলেও উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ পৰা ঠিক এনে এটা ঘটনা পোহৰলৈ আহিছে। কাৰণ, কুকুৰাটোৰ মৃত্যুৰ পিছত পৰলৌকিক কাজ-কৰ্ম সম্পূৰ্ণ কৰিবলৈ তাৰ গৰাকীয়ে ৫০০ মানুহৰ বাবে ভোজৰ ব্যৱস্থা কৰিলে। প্ৰতাপগড় জিলাৰ ফটানপুৰ থানা এলেকাৰ বেহদৌল কলা গাঁৱত সংঘটিত হৈছে এই ঘটনা। কলা গাঁৱৰ বাসিন্দা ডাঃ চালিক ৰাম সৰোজৰ এটা পোহনীয়া কুকুৰা আছিল। যিটোক তেওঁ বহুত ভাল পাইছিল। নাম দিছিল ‘লালি’। যোৱা ৮ জুলাইত সৰোজ আনদিনৰ দৰেই তেওঁৰ ক্লিনিকলৈ গৈছিল। ঠিক তেতিয়াই ঘৰত বান্ধি থোৱা ছাগলী পোৱালি এটাক বাহিৰত কুকুৰ এটাই আক্ৰমণ কৰে। ইফালে ছাগলী পোৱালিটোক বচাবলৈ লালিয়ে কুকুৰটোৰ লগত যুঁজ দিয়ে। প্ৰায় আধা ঘণ্টা ধৰি চলা এই তীব্ৰ যুঁজৰ ফলত অৱশেষত লালিৰ মৃত্যু হয়। অৱশ্যে কুকুৰটোৰ পৰা কোনোমতে কুকুৰাটোৱে ছাগলী পোৱালিটো বচাবলৈ সক্ষম হয়। স্বাভাৱিকতে এই ঘটনাটোত সৰুজ গভীৰ শোকাহত হয়। ঘৰৰ কাষতে থকা মাটিত কুকুৰাটো পুতি থয়। তাৰ পিছতে আৰম্ভ হ’ল অন্ত্যেষ্টিক্ৰিয়া। চুলি খুৰুৱাৰ পৰা আৰম্ভ কৰি সৰোজে নিয়ম অনুসৰি আন আন ৰীতি-নীতি সম্পূৰ্ণ কৰিছিল। আনকি আয়োজন কৰে জ্ঞাতি ভোজৰো। জানিব পৰা মতে যোৱা ২০ জুলাইত সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈ এই ভোজত প্ৰায় ৫০০ লোকে অংশগ্ৰহণ কৰিছিল। এই প্ৰসংগত সৰুজৰ জীয়ৰী অনুজাই কয়— “লালি মোৰ ভাইটিৰ দৰেই আছিল। মৃত্যুৰ পিছত দুদিন কোনেও ঘৰত খাদ্য খোৱা নাছিল। পৰিৱেশটো নিস্তব্ধ হৈ পৰিছিল।”
মন্তব্য দিয়ক

Your email address will not be published.