নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

কিছু বছৰ পূৰ্বে নিজে পঢ়া বিদ্যালয়খনলৈ দিছিল ২০ হাজাৰ টকা

0 109

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ অক্টোবৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী অভিনেতা নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা, পুৰোধা শিল্পী গৰাকীৰ বাসগৃহৰ কাষৰে কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক – শিক্ষাৰ্থীয়ে আজি বিদ্যালয়খনতে একালৰ প্ৰাক্তন ছাত্ৰ গৰাকীক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে স্মৰণ কৰে। একালৰ ছাত্ৰ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধান শিক্ষয়িত্ৰী মামণি বৰুৱা সমন্বিতে ছয়গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰী আৰু ৯৩ গৰাকী শিক্ষাৰ্থীৰ লগতে স্থানীয় ৰাইজেও। উল্লেখ্য যে, ১৯৪৮ চনৰ পৰা ৫২ চনলৈ সেই বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা নিপন গোস্বামীৰ বিদেহ আত্মাৰ সদগতি কামনাৰে আয়োজন কৰা আজিৰ এই অনুষ্ঠানৰ মাজতে বিদ্যালয়খনৰ সহকাৰী শিক্ষক, দক্ষ অভিনেতা তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইনে প্ৰাক্তন ছাত্ৰ নিপন গোস্বামীয়ে আপোন বিদ্যালয়খনৰ প্ৰতি থকা মৰমৰ বাবেই কিছু বছৰ পূৰ্বে বিদ্যালয়খনত উপস্থিত হৈ ২০ হাজাৰ টকা সাহাৰ্য্য আগবঢ়োৱাৰ পিছত সেই ধনৰাশিৰে শিক্ষাৰ্থী সকলে বিশুদ্ধ খোৱা পানী খাব পৰা সামগ্ৰী ক্ৰয় কৰিছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক মুনীন্দ্ৰ সিংহই নিপন গোস্বামীৰ বিদ্যালয়খনৰ সৈতে থকা স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। আনহাতে তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱ সমিতিয়ে কালি সন্ধিয়া ৰাসৰ আখৰাৰ মাজতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি কুলেন শইকীয়াই আঁত ধৰা আৰু স্হানীয় গায়ন বায়ন আৰু বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহন কৰি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে পুৰোধা অভিনেতা গৰাকীৰ স্মৃতিচাৰণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.