নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত শোক

0 18

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি অভিনেতাজনৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক, নট সৈনিক আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ অভিনেতাজনৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি হ’ল বুলি ৰাজু সিংহ, ধনমনি দত্ত, কুকিল ৰঞ্জন হাজৰিকা আৰু ভূপেন সোণোৱাল, আমানুল হুছেইন, হাফিজা বেগম আদিয়ে অভিহিত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.