নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰতিবাদ অব্যাহত প্ৰাথমিক শিক্ষক সন্মিলনীৰ

0 0

শতাব্দ  ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬ জুনঃ অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যজুৰি চলাই থকা গণ স্বাক্ষৰ অভিযানৰ পিছত আজি তেজপুৰত বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মত বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত জিলাখনৰ ৯ টাকৈ বিভিন্ন জাতীয় সংগঠনে শিক্ষক সন্মিলনীৰ এই ন্যাৰ্য দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াই আগন্তুক সময়ত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেজপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জ্যোতি ভট্টাচাৰ্য্যৰ পৌৰোহিত্যত তেজপুৰৰ শিক্ষক ভৱনৰ কাৰ্যালয়ত অনুষ্ঠিত আজিৰ এই মতবিনিময় অনুষ্ঠানৰ আঁত ধৰি আৰু উদ্দেশ্য ব্যাখ্যা কৰি তেজপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক অবনী বৰাই ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অংক আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজীত বিষয়ত কৰা সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা কৰে। উল্লেখ্য যে আজিৰ এই মতবিনিময় অনুষ্ঠানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন নাথ, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, টেট উত্তীৰ্ণ শিক্ষক সমাজৰ শোণিতপুৰ জিলাৰ সভাপতি ৰিংকু বৰ্মণ, ৰাজ্যিক সদস্য তপন কাকতি, ষ্টেটপুল শিক্ষক সন্থাৰ জিলাৰ সভাপতি কৌশিক কাশ্যপ, সম্পাদক পংকজ দাস, বড়ো সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ উপসভাপতি জৈলেন বসুমতাৰী, বড়ো ছাত্ৰ সন্থাৰ স্পীকাৰ পৰেশ বৰমহলীয়া আদিয়ে ভাষণ প্ৰদান কৰি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ সমৰ্থন প্ৰকাশ কৰাৰ লগতে ষষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণীত গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত কৰাৰ তীব্ৰ বিৰোধিতা কৰে। আজিৰ এই মতবিনিময় সভাত তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি গৌৰৱ মহন্ত,উপ-সভানেত্ৰী লক্ষী দেৱী, সহকাৰী সম্পাদক জয়ন্ত কুমাৰ বৰা, আলোচনী সম্পাদক জনাৰ্দন পাঠক, সাংস্কৃতিক সম্পাদক বিজিত কলিতা,ভৱন সম্পাদক হৰেন দাস প্ৰমুখ্যে অৰ্ধশতাধিক শিক্ষকৰ লগতে আন একাংশ শুভাকাংক্ষী উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.