নীপকোৱে ডিক্ৰঙত এৰিলে ১২শ এম এম পানী

লখিমপুৰত ধাৰাষাৰ বৰষুণত ওফন্দি উঠিছে ৰঙানদী-ডিক্ৰং-সোৱণশিৰি

0 20
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে যোৱা ৪ ছেপ্টেম্বৰৰ পৰা লখিমপুৰ জিলাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অৰুণাচল পাহাৰত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বিভিন্ন নদ-নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাত ঠায়ে ঠায়ে আবতৰীয়া বানৰ সৃষ্টি হয়৷ আজি ডিক্ৰং নদীত নীপকোৱে অৰুণাচল প্ৰদেশৰ পাৰে বস্তিৰে প্ৰায় ১২শ এম এম পানী এৰি দিয়াৰ ফলত ডিক্ৰং নদীৰ বক্ষ অভাৱনীয় হাৰত বাঢ়ি অহাত কাষৰীয়া লোকসকল আতংকিত হৈ পৰিছে৷ বিয়লি ৩ বজাত পাৰে বস্তিৰে এই বৃহৎ জলৰাশি ডিক্ৰং নদীত নীপকোৱে এৰি দিয়াত লখিমপুৰ জিলাৰ বিশেষকৈ বিহপুৰীয়া ৰাজহ চক্ৰত এক প্ৰকাৰে বানৰ সূচনা হয়৷ আনহাতে যোৱা দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি, ৰঙানদী আদিৰ বক্ষ ওফন্দি উঠা পৰিলক্ষিত হৈছে৷ আনহাতে আজি বিয়লিৰে পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো পানী বাঢ়িবলৈ ধৰিছে৷ ইফালে যোৱা ২৩ ছেপ্টেম্বৰত সোৱণশিৰি প্ৰকল্পত গাৰ্ড ৱাল ভাঙি পাৱাৰ হাউচৰ লগতে বিভিন্ন অংশত পানী সোমোৱাৰ ফলত এন এইচ পি চিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাই নহয় একপ্ৰকাৰে প্ৰকল্পৰ কাম কাজ স্তব্ধ হৈ পৰে৷ সোৱণশিৰিৰ গাৰ্ড ৱাল ভাঙি সোমাই অহা পানী সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচত সোমাই পৰাৰ ফলত প্ৰকল্পটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি পাৱাৰ হাউচৰ প্ৰায় ৬০ ফুট গভীৰতাত সোৱণশিৰিৰ পানী সোমাই পৰে আৰু এই পানী বাহিৰ কৰিবলৈ এন এইচ পি চি কতৃৰ্পক্ষক প্ৰায় তিনিমাহ সময়ৰ প্ৰয়োজন হ’ব৷ তেনেস্থলত দীৰ্ঘদিনৰ বাবে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ স্থবিৰ তথা বন্ধ হৈ পৰাতো নিশ্চিত৷ পূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত হৈ থকা নেৰা নেপেৰা বৰষুণে একপ্ৰকাৰে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে৷
মন্তব্য দিয়ক

Your email address will not be published.