নেপালৰ দৰ বাহাদুৰ : বিশ্বৰ চাপৰ কিশোৰ

গিনিজ বুকু অব ৰেকর্ডছত নাম অন্তৰ্ভুক্ত

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মে’ : বিশ্বৰ সকলোতকৈ চাপৰ বা খর্বকায় কিশোৰজন থাকে হিমালয়ৰ কোলা নেপালত। সম্প্রতি এই কথা জনাইছে গিনিজ বুক অব ৱর্ল্ড ৰেকর্ডছে। নাম দৰ বাহাদুৰ খাপাঙ্গি। উচ্চতা মাত্র ৭৩.৪৩ ছেন্টিমিটাৰ বা ২ ফুট ৫ ইঞ্চিৰ সামান্য কম। ১৭ বছৰ বয়সীয়া দৰ বাহাদুৰৰ জন্ম ২০০৪ চনৰ ১৪ নৱেম্বৰত। যোৱা ২২ মার্চত দৰ বাহাদুৰৰ উচ্চতাৰ মাপ লোৱা হয়। দেখা যায় যে, তেওঁৰ উচ্চতা ৭৩.৪৩ ছেন্টিমিটাৰ বা ২ ফুট ৪.৯ ইঞ্চি। ইয়াৰ পিছতেই তেওঁক বিশ্বৰ সকলোতকৈ খর্বকায় কিশোৰ হিচাবে ঘোষণা কৰা হয়। ভায়েকৰ এই প্রাপ্তিক লৈ উচ্ছ্বসিত ককায়েক নাৰা বাহাদুৰ। তেওঁ কয়— ‘‘মই অত্যন্ত আনন্দিত যে, আমাৰ সৰু ভাইটিটোৱে গিনিজ ৱর্ল্ড ৰেকর্ডছৰ পৰা প্ৰমাণ পত্ৰ আৰু স্মাৰক পাইছে। আজি আমাৰ আনন্দৰৰ দিন।’’ দৰ বাহাদুৰৰ হাতত স্মাৰক তুলি দিয়ে নেপাল টুৰিজম বর্ডৰ মুখ্য বিষয়া ধনঞ্জয় ৰেগমিয়ে। স্কুলত পঢ়ি থকা দৰ বাহাদুৰ থাকে কাঠমাণ্ডুৰ পৰা প্রায় ১৩০ কিলোমিটাৰ দূৰৰ জিলা সিন্ধুলিত। জনা গৈছে যে, জন্মৰ পিছত সাত বছৰপর্যন্ত আন পাঁচজন স্বাভাৱিক মানুহৰ দৰেই বৃদ্ধি হৈছিল তেওঁৰ। কিন্তু তাৰ পিছত কোনো এক অজ্ঞাত কাৰণ উচ্চতা বৃদ্ধি থমকি ৰয়। প্রসঙ্গত উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বৰ সকলোতকৈ চাপৰ কিশোৰৰ স্বীকৃতিও আছিল নেপালতেই। খগেন্দ্র থাপা মাগৰৰ উচ্চতা আছিল ১ ফুট ১.৮ ইঞ্চি। কিন্তু ২০২০ চনত ২৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

মন্তব্য দিয়ক

Your email address will not be published.