নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন ( আপ ডেটেড বাতৰি )

আৰক্ষীয়ে শ্ব' ম'ট গোচৰ ৰুজু নকৰাৰ অভিযোগ

0 46

 পূৰ্বৰ একাধিক অভিযোগ পৰিচালনা সমিতিয়ে গাপ দিয়া অভিযোগ উত্থাপন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত চলা যৌনগন্ধী বাৰ্তালাপ তথা অশ্লীল ফটো ভাইৰেল হোৱা সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে যথোচিত পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰিছে আছুৱে।আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰাই অধ্যক্ষজনৰ ক্ষেত্ৰত জিলা প্ৰশাসন, জিলা আৰক্ষী তথা চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱা বুলি অভিযোগ কৰাৰ লগতে শীঘ্ৰে চেতিয়াক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।উজনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানখনৰ শৈক্ষিক ইতিহাসত নিজৰ কু কাৰ্যৰে কালিমা সনা চেতিয়াক মাত্ৰ ১৫ দিনৰ ছুটী দিয়া কথাটোত আছুৱে খেদ প্ৰকাশ কৰে।আছু নেতাদ্বয়ে কয় যে শিক্ষক হৈয়ো শিক্ষকৰ দৰে আচৰণ নকৰি যুৱতীৰে অশ্লীল ফটো-বাৰ্তা প্ৰেৰণ তথা কথোপকথন কৰা চেতিয়া বিৰুদ্ধে আৰক্ষীয়ে “শ্ব ম’ট” গোচৰ ৰুজু কৰিব লাগিছিল যদিও অদ্যপি সেয়া কৰা নাই, চেতিয়াৰ মোবাইলটোও আৰক্ষীয়ে জব্দ কৰা নাই।শিক্ষামন্ত্ৰীয়ে উচ্চ শিক্ষা সঞ্চালকক কেৱল মাত্ৰ এটা টুইট কৰি তদন্ত কৰিবলৈ দিয়েই দায়িত্ব সামৰিছে।এইক্ষেত্ৰত আছুৱে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে শৈক্ষিক সামাজিক পৰিৱেশ বিনষ্টকাৰী বিমান চেতিয়াক তাৎক্ষণিকভাবে নিলম্বনৰ দাবী জনাইছে।অন্যথা ১৫ দিনৰ পিছত কলংকৰ বোজা বহন কৰা শিক্ষকজন মহাবিদ্যালয়লৈ আহিলে কোমলমতীয়া ছাত্ৰ-ছাত্ৰীয়ে কিদৰে তেঁওৰ মুখামুখি হ’ব বুলি নেতাদ্বয়ে প্ৰশ্ন উত্থাপন কৰে।অভিযুক্ত চেতিয়াৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ নললে আছুৱে আন্দোলন কৰি যাব আৰু চেতিয়াই মহাবিদ্যালয়ত প্ৰৱেশ কৰিলেই ছাত্ৰ ছাত্ৰীয়ে পাঠদান এৰি ওলাই আহিব বুলি সকীয়াই দিয়ে।এইক্ষেত্ৰত  ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কৰ্মসূচীৰ এটা পিৰিয়দ বা এটা ঘণ্টাও যাতে নষ্ট কৰিব লগা নহয়, তাৰ বাবে শীঘ্ৰে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে আছুৱে। সংবাদমেলতে আছু নেতাদ্বয়ে কয় যে চেতিয়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হোৱাৰ সময়তে কেতবোৰ জাল নথিপত্ৰ জমা দিছিল আৰু এই সন্দৰ্ভত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ অচ্যুৎ দাস নামৰ এজন বিষয়ববীয়াই উত্তৰ লখিমপুৰ সদৰ থানাত ৬৭/১৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছিল। সেই সময়তো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা নললে। একেদৰে পূৰ্বে এগৰাকী ছাত্ৰীয়ে চেতিয়াৰ বিৰুদ্ধে মহাবিদ্যালয় পৰিচালনা সমিতিক এক লিখিত অভিযোগ দিছিল আৰু পৰিচালনা সমিতিৰ তদানীন্তন সভাপতি হেমন্ত কুমাৰ বৰুৱাই সকলো গাপ দি থলে বুলি আছু নেতাদ্বয়ে আজি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেনে প্ৰেক্ষাপটত লখিমপুৰৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা চেতিয়াৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।তদুপৰি আছুৱে বিষয়টোৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী কাৰ্যালয়, কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগক অৱগত কৰিব বুলি আজি সদৰী কৰে। সংবাদমেলত জিলা আছুৰ সম্পাদক স্বৰাজ শংকৰ গগৈও উপস্থিত আছিল।

শেহতীয়াকৈ উচ্চ শিক্ষা সঞ্চালকে DHE/CE/Misc/66/2022/03, Dated Kahilipara,the 26thAugust2022 নিৰ্দেশ মৰ্মে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.