শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰীয়ে অহা ২৮ এপ্ৰিলত মুকলি কৰাৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি পৰিদৰ্শন কৰিলে তেজপুৰ কেঞ্চাৰ চেন্টাৰ। উল্লেখযোগ্য যে, ৰাজ্যৰ আন ছয় স্থানৰ লগতে তেজপুৰৰ নিকটবৰ্ত্তী টুমুকীত স্থাপন কৰা কেঞ্চাৰ চেন্টাৰত আজি বিয়লি উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী মহন্তই কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে সকলো ইয়াৰ কামৰ অগ্ৰগতিৰ সবিশেষ বুজ লয়। প্ৰনিধানযোগ্য যে, টাটাৰ স’তে হোৱা চুক্তি অনুসৰি ৰাজ্যত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সাত খন কেঞ্চাৰ চেন্টাৰ ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ এই অসম আগমনৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তই তেজপুৰৰ টুমুকীত স্থাপন কৰা কেঞ্চাৰ চেন্টাৰৰ অন্তিম পৰ্যায়ৰ সকলো কামৰ বুজ লয়।তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে,
ৰাজ্যত নতুনকৈ ১৭ খন এনে কেঞ্চাৰ চেন্টাৰ তথা হাস্পতাল গঢ়ি তোলা হ’ব আৰু ইয়াৰে সাত খনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূর্ণ হৈছে। তেওঁ লগতে কয় যে, ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱা সাতখন কেঞ্চাৰ চেন্টাৰ উদ্বোধন কৰাৰ বিপৰীতে নতুনকৈ আন সাতখনৰ আধাৰশিলা একেটা দিনতেই স্থাপন কৰিব। তদুপৰি বাকী তিনিখনৰ খনৰো নিৰ্মাণৰ প্ৰকল্প হাতত লোৱা হৈছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কেঞ্চাৰৰ সকলো উন্নত চিকিৎসা সেৱা এই কেন্দ্ৰসমূহত লাভ কৰাৰ লগতে অটল অমৃত যোজনা বা আন সকলো চৰকাৰী আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হ’ব বুলিও সদৰি কৰে।উল্লেখ্য,প্ৰধানমন্ত্ৰীয়ে ২৮ এপ্ৰিলত হাস্পতালখন মুকলি কৰাৰ পিছৰ দিনৰ পৰাই ইয়াত ৰাইজে সেৱা লাভ কৰিব বুলি লগতে জানিবলৈ দিয়ে।
