পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব

0 20

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ জুলাইঃ ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে। পূৰ্বে এই দায়িত্বত আছিল জয়ন্তমল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাক শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু পৰ্যটন বিভাগৰ মন্ত্রী হিচাপে দায়িত্ব দিয়া হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত স্থ‍ান ল‍াভৰ পাছতে জয়ন্ত মল্ল বৰুৱাৰ দায়িত্ব বৃদ্ধি পোৱাত সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্রী ৰাজনৈতিক সচিবৰ দায়িত্ব দিয়া হৈছে। উল্লেখ যে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে ধৰি কেইবাটাও দায়িত্বত থকা সাংস্কৃতিক কৰ্মী পবিত্র মাৰ্ঘেৰিটা চলিত বৰ্ষৰ মাৰ্চ মাহত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত জয়ী হৈছিল। ২০১৪ চনত বিজেপি দলত যোগদান কৰি অতি কম সময়ৰ ভিতৰতে তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে উচ্চ সদনলৈ যোৱাৰ সুবিধা লাভ কৰিছিল। তেওঁ জ্যোতি চিত্রবনৰ অধ্যক্ষৰ দায়িত্বতো আছিল। আজি সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হয়।

মন্তব্য দিয়ক

Your email address will not be published.