পাকিস্তানৰ পৰা লাভ কৰা শিক্ষাগত অৰ্হতা ভাৰতত কোনো মূল্য নাই !

0 25

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতৰ শিক্ষা ক্ষেত্ৰৰ শীৰ্ষ দুটা সংস্থা বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্বনে যুটীয়া এক বিবৃতিত প্ৰকাশ কৰিছে যে পাকিস্তানৰ কোনো উচ্চ শিক্ষানুস্থানৰ পৰা আহৰণ কৰা শিক্ষাগত অৰ্হতাক ভাৰতবৰ্ষত কোনো মান্যতা প্ৰদান কৰা নহ’ব। পাকিস্তানৰ পৰা লাভ কৰা শিক্ষাগত অৰ্হতাৰে কোনো প্ৰাৰ্থীয়ে ভাৰতবৰ্ষত নিযুক্তিৰ বাবে আবেদন কৰিব নোৱাৰিব বা আন উচ্চ শিক্ষাৰ বাবে যোগ্য বিবেচিত নহ’ব। অৱশ্যে ভাৰতীয় নাগৰিকত্ব লাভ কৰা পাকিস্তানৰ পৰা প্ৰৱজন কৰা লোকসকলৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহ’ব।

 

মন্তব্য দিয়ক

Your email address will not be published.