শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জানুৱাৰীঃ অসম সাহিত্য সভাই অহা ১৭ জানুৱাৰীত পাঠশালা শাখা সাহিত্য সভা (শতদল)ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱসটি কেন্দ্ৰীয়ভাৱে ‘জ্যোতি দিৱস’ হিচাপে পাঠশালাত উদযাপন কৰিব। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা কেন্দ্ৰীয় জ্যোতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে।জ্যোতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাবে অংশ লব পাঠশালা সাহিত্য সভাৰ উপ-সভাপতি মনোমোহন শর্মা আৰু পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে। দিনৰ এঘাৰ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিতব্য মূল সভাখন উদ্বোধন কৰিব ভট্টদেব বিশ্ববিদ্যালয়, পাঠশালাৰ উপাচার্য ড° বিৰিঞ্চি কুমাৰ দাসে। সভাখনত অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰাৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে সন্মানীয় অতিথি আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শর্মাই নির্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰাৰ কথা।সন্ধিয়া ৫.৩০ বজাৰ বন্তি প্রজ্জ্বলন কাৰ্যসুচীৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এক বিবৃতিযোগে জনোৱাৰ লগতে জ্যোতি দিৱসৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।
