পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰাটো অবৈধঃ অভিযোগ পালে খোলাৰ ব্যৱস্থা কৰিব প্ৰশাসনে

0 247

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুনঃ নগৰ-মহানগৰত পানীৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰি একাংশ লোকে ঘৰ দুৱাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাটো নতুন কথা নহয়।এনে এচাম আক্ৰোশী লোকৰ বাবেই নগৰ সমূহত বাৰিষা বন্ধ হৈ পৰে প্ৰাকৃতিক নলা- কালভাৰ্ট আদি। ফলত সাধাৰণ নাগৰিকে জীয়াতু ভূগিব লগা হয়। একাংশই নগৰৰ পথ উপপথত থকা কালভাৰ্ট বা সৰু পানীৰ নলা সমূহ বন্ধ কৰি ৰখাৰ বাবেই এজাক বৰষুণতে পথ সমূহ পানীৰে উপচি পৰে বা কৃত্ৰিম বানে নগৰবাসীৰ ঘৰ, চোতাল বুৰাই পেলায়।এনে একাধিক অভিযোগৰ ভিত্তিত লখিমপুৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ অধ্যক্ষই এক নিৰ্দেশ যোগে ( নিৰ্দেশ নংDDMA.06/2022/44 Dated 17/06/2022)  দুৰ্যোগ প্ৰশমন আইন ২০০৫ৰ ৩০ ধাৰা মতে এনে প্ৰাকৃতিক প্ৰবাহ বন্ধ কৰা কাৰ্যক অবৈধ ঘোষণা কৰাৰ লগতে এনে অভিযোগ থাকিলে তৎকালে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াক অৱগত কৰিবলৈ আহ্বান জনাইছে। জিলাখনৰ গড়কাপ্তানি পকা বা কেচা পথত থকা কালভাৰ্ট উদেশ্য প্ৰণোদিতভাবে কোনো লোকে বন্ধ কৰি ৰাখিলে অভিযোগ দিব পাৰিব।অভিযোগ পালে সংশ্লিষ্ট চক্ৰ বিষয়াই তাৎক্ষণিকভাবে খোলাৰ ব্যৱস্থা কৰিব বুলি নিৰ্দেশ জাৰি কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.