পাম অইল ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ ইণ্ডোনেছিয়াৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ মে’ :
অৱশেষত ইণ্ডোনেছিয়াই পাম অইলৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল। আজি দেশখনৰ ৰাষ্ট্ৰপতি জ’ক’ উইড’ড’ এ এক ভিডিঅ’ বাৰ্তা যোগে এই কথা সদৰী কৰিছে। উল্লেখযোগ্য যে, যোৱা ২৮ এপ্ৰিল তাৰিখৰ পৰা বলবৎ হোৱাকৈ ৰপ্তানিৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দেশখনত ৰন্ধন তেলৰ মূল্য কিছু সুস্থিৰ হোৱাত অহা সোমবাৰৰ পৰা এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিল যে, দেশত পাম অইলৰ মূল্য প্ৰতি লিটাৰত ১৪,০০০ ৰুপীয়ালৈ হ্ৰাস নোহোৱা পৰ্যন্ত ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা নহ’ব, কিন্তু ইয়াৰ মূল্য লিটাৰত ১৪,০০০ ৰুপীয়ালৈ এতিয়াও হ্ৰাস নোহোৱা স্বত্বেও ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ল। ৰপ্তানি নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী জনাই যোৱা মঙ্গলবাৰে ৰাজধানী জাকাৰ্টাকে ধৰি ইণ্ডোনেছিয়াৰ বিভিন্ন প্ৰান্তত কৃষকসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰিছিল। কৃষক বিদ্ৰোহৰ আশংকা দেখিয়েই সম্ভৱতঃ চৰকাৰে তৎকালেই এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে বুলি ধাৰণা কৰিব পাৰি। ৰাষ্ট্ৰপতি গৰাকীয়ে দেশৰ ১৭ নিযুত খেতিয়কৰ কল্যাণৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি ঘোষণা কৰিছে।
পাম অইল ৰপ্তানিৰ ক্ষেত্ৰত ইণ্ডোনেছিয়া বিশ্বৰ সৰ্ববৃহৎ দেশ।