পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিত ৰাছিয়াৰ বাধাঃ পাৰমাণৱিক যুদ্ধৰ শংকা!

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্ট : আমি শান্তি বিচাৰোঁ, যুদ্ধ নহয়— মানুহে বহুদিনৰ পৰা এই কথা শুনি আহিছে। আমি এই সকলোবোৰ স্কুলৰ পাঠ্যপুথিত পঢ়ি পৰীক্ষাতো লিখোঁ। কিন্তু বিষয়টো যে বহু গভীৰ সেই কথা হয়তো বহুত পিছতহে বুজিব পাৰিব। যেতিয়া আমি বুজি পাওঁ, দেখোঁ যে এই সকলোবোৰ আচলতে ৰাষ্ট্ৰৰ নেতাসকলৰ হাতত আছে। বিশেষকৈ, শক্তিশালী ৰাষ্ট্ৰনেতাৰ হাতত। উদাহৰণস্বৰূপে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰস্ত্ৰ ঘোষণাত বাধা প্ৰদান কৰিলে ৰাছিয়াই। বিশ্বজুৰি পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ কৰিবলৈ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিখন পুনৰীক্ষণ কৰা হয়। এইবাৰো হৈ আছে। কিন্তু এইবাৰ ইউক্ৰেইনৰ জাপ’ৰিজ্জিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰত সামৰিক কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰি ৰাছিয়াৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ বিৰোধিতা কৰে। তদুপৰি তেওঁ অতিশয় উদ্বেগ প্ৰকাশ কৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে ৰাছিয়াই জাপ’ৰিজ্জিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰটো জব্দ কৰিছিল। তেতিয়াৰ পৰাই ই তেওঁলোকৰ দখলত আছে। ইউক্ৰেইনৰ অভিযোগ যে ৰাছিয়াই কেন্দ্ৰটোক সামৰিক ঘাটিলৈ ৰূপান্তৰিত কৰিছে। কিন্তু এই কেন্দ্ৰটো কিয় জব্দ কৰিলে ৰাছিয়াই? তেওঁলোকে যুক্তি দিছে যে তেওঁলোকে এই কামটো কৰিছে; কাৰণ তেওঁলোকে জানিছিল যে ইউক্ৰেইনে ইয়াৰ পৰা প্ৰতিআক্ৰমণ চলাব। ৰাছিয়াই অভিযোগ কৰিছে যে ইউক্ৰেইনে পাৰমাণৱিক সুবিধাটোক লক্ষ্য কৰি লৈছে। ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ বৈঠকত পুনৰ একে অভিযোগ উত্থাপন কৰে। ২০১৫ চনত শেষবাৰৰ বাবে ৰাষ্ট্ৰসংঘই পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মতি দিব পৰা নাছিল। পৰৱৰ্তী বৈঠক ২০২০ চন হোৱাৰ কথা আছিল। মহামাৰীৰ বাবে এই বৈঠক অনুষ্ঠিত হোৱা নাছিল। সেই অধিবেশন ২০২২ চনত অনুষ্ঠিত হয়। একেৰাহে চাৰি সপ্তাহ ধৰি নিউয়ৰ্কত অনুষ্ঠিত সন্মিলনৰ পিছত ৰাষ্ট্ৰসংঘই পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিত স্বাক্ষৰ কৰাত ব্যৰ্থ হয়। ঘোষণাৰ বিবৃতিৰ ওপৰত সকলো একমত হয়। কিন্তু ৰাছিয়াই এই সন্ধিত স্বাক্ষৰ কৰাত আপত্তি কৰিলে। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰতিনিধি বনি জেনকিন্সে কয় যে ইমানবোৰ আলোচনাৰ ফলাফল গভীৰভাৱে হতাশাজনক। ইফালে ঘোষণাৰ কিছু অংশৰ ওপৰত আপত্তি কৰিছে ৰাছিয়াই। ইউক্ৰেইনৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ওপৰত তেওঁলোকে আপত্তি কৰে। তেওঁলোকে কয় যে জাপ’ৰিজ্জিয়া উদ্যোগকে ধৰি ইউক্ৰেইনৰ আন আন পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ বাবে তেওঁলোক অতিশয় চিন্তিত। ৰাছিয়াৰ প্ৰতিনিধি ইগ’ৰ ভিশ্বনেভেটস্কিয়ে কয়— “চুক্তিখনৰ পাঠ্য সমান নাছিল, আমাৰ প্ৰতিনিধি দলৰ মূল আপত্তি হৈছে চুক্তিখনৰ পাঠ্যৰ কিছুমান অনুচ্ছেদৰ বিষয়ে, যিবোৰ ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত।” চীনে এই ঘটনাক লৈ হতাশা প্ৰকাশ কৰিছে। সকলোৰে সুৰক্ষাৰ বাবে ই প্ৰয়োজনীয় বুলি কয়। যদিও ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেদভেডেভে কৈছিল যে ইউক্ৰেইনে নাটোত যোগদান কৰাৰ ইচ্ছাক নাকচ কৰিলেও ৰাছিয়াই সামৰিক আগ্ৰাসন বন্ধ নকৰে! নতুন যুদ্ধৰ দিশে আগবাঢ়িছে নেকি ৰাছিয়া? পাৰমাণৱিক যুদ্ধৰ পৰিকল্পনা আছে নেকি ৰাছিয়াৰ? এই প্ৰশ্নসমূহৰ উত্তৰ সময়েহে দিব।

মন্তব্য দিয়ক

Your email address will not be published.