পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা- চাদৰ আদিৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰশাসনৰ তীব্ৰ অভিযান

বৃহৎ পৰিমাণৰ কাপোৰ জব্দ

0 47

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা হস্ততাঁত ও বস্ত্ৰশিল্প বিভাগৰ যৌথ উদ্যোগত আজি তিনিচুকীয়া ৰাজহ চক্রৰ অন্তৰ্গত বজাৰ এলেকাৰ একাধিক সাজপাৰৰ দোকানত বহি:ৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত তৈয়াৰী কপাহী, পাত আৰু মিশ্রণ পাত সূতাৰ গামোছা, মেখেলা-চাদৰ বিক্রীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হয়৷ তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ নেতৃত্বত হস্ততাঁত ও বস্ত্রশিল্প বিভাগৰ অধীক্ষক চম্পক শইকীয়াৰ সহযোগত এই অভিযান চলোৱা হয় ৷ অভিযানকালত ৰামধেনু ষ্ট’ৰৰ পৰা ১৬০ যোৰা মেখেলা-চাদৰ আৰু প্রায় ১,৬২,০০০ টকাৰ বহিৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত তৈয়াৰী কাপোৰ জব্দ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.