পিতাইৰ দাখন ভাগিল

0 67

ড° চিত্ৰলেখা ফুকন

পিতাইৰ দাখনেই আমাৰ সাহস
পিতাইৰ দাখনেই আমাৰ দুবেলা দুমুঠি
পিতাইৰ দাখনেই আমাৰ পঢ়াৰ খৰচ
বিহুৰ বিলাসিতা…….
আইৰ তাঁতশালৰ দুমুঠি পকোৱা সুঁতা
নামঘৰৰ বছেৰেকীয়া চান্দা।

দাখনৰ মুঠিত হাতখন থ’লেই
পিতাই হৈ পৰে দায়িত্বশীল পিতৃ
দায়িত্বশীল স্বামী
দায়িত্বশীল গৃহস্থী।

দাখনৰ মুঠিত খামুচি
পুৱাই ওলাই যোৱা পিতাই
গধূলি ঘূৰি আহে
ধুতিৰ খোচনিত হেঁপাহৰ জোলোঙাটো লৈ।

আমি আটাইকেইটাই
অসময়ত ঘূৰি অহা
পিতাইলৈকে চাই আছিলো
হুমুনিয়াহ এটাৰে দাখন আগবঢ়াই দি
পিতায়ে ক’লে “দাখন ভাগিল অ”
যন্ত্ৰৰ যাতনাত দাখন বেয়াকৈ ভাগিল।

পিতাইৰ শূন্য জোলোঙাটো
এটা হুমুনিয়াহ হৈ ওলাই আহিল
আমাৰ সপোনবোৰ
পিতাইৰ হাতৰ শূন্য জোলোঙাটোত
কুছি-মুছি সোমাই পৰিল।

কবিৰ ঠিকনাঃ জ্যেষ্ঠ অধ্যাপিকা, অসমীয়া বিভাগ, বিহপুৰীয়া মহাবিদ্যালয়।  ফোনঃ ৭০০২৪ ৩৮০৫৯

মন্তব্য দিয়ক

Your email address will not be published.