শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভৰ পৰা এতিয়াও যিসকল যোগ্য কৃষক সম্পূৰ্ণ ৰূপে বঞ্চিত হৈ আছে, তেওঁলোকে নিজৰ আধাৰ কাৰ্ড, খেতি মাটিৰ তথ্য (জমাবন্দী কপি), ৰেচন কাৰ্ডসহ যিকোনো গ্ৰাহক সেৱা কেন্দ্ৰ (অৰুণোদয় কেন্দ্ৰ)ত আঁচনিৰ অধীনত অনলাইন যোগে আৱেদন কৰিব পাৰিব। আনহাতে এন চি গাঁৱৰ অন্তৰ্গত যোগ্য খেতিয়কে এই অভিলাসী আঁচনিখনত আৱেদন কৰিবলৈ ‘Annexure I’ পত্ৰ পূৰণ কৰি আধাৰ কাৰ্ড, খেতি মাটিৰ তথ্যসহ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জমাও দিব পাৰিব বুলি জিলা কৃষি বিভাগে জানিবলৈ দিছে। ইফালে যিসকল হিতাধিকাৰীৰ একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন সোমোৱা নাই, সেইসকলক নিজৰ নিজৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট নম্বৰসহ জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ আহি নিজৰ নিজৰ স্থিতি পৰীক্ষা কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে। সেইদৰে হিতাধিকাৰীসকলে পূৰ্বে পি এম কিষান আঁচনিত আৱেদন কৰাৰ সময়ত যি একাউণ্ট নম্বৰ দিছিল, সেই একাউণ্ট নম্বৰত সংশ্লিষ্ট বেংকলৈ গৈ DBT Enable কৰিবলৈ আহ্বান জনোৱা হ’ল। লগতে তেনেক্ষেত্ৰতো কিবা অসুবিধাৰ সন্মুখীন হ’লে IPPB (Indian Post Payment Bank) ত এটা জিৰ’ বেলেঞ্চ একাউণ্ট আধাৰ লিংক কৰি খুলিবলৈ আহ্বান জনোৱা হ’ল। উল্লেখ্য যে, বৰ্তমান PM কিষানৰ ধনৰাশি যোগ্য হিতাধিকাৰীৰ আধাৰ নম্বৰ অনুসৰিহে পঠিয়াই দিয়া হয়। গতিকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক।