পুখুৰী শুকাই ওলাল শতিকা প্ৰাচীন গাঁও!

ওলাল স্কুল, গীৰ্জা ইত্যাদি

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাই : আমাৰ পৃথিৱীত কেতিয়াবা এনেকুৱা কিছুমান ঘটনা ঘটে যিবোৰে সকলোকে স্তম্ভিত কৰি তুলিব পাৰে। লগে লগে কাৰ্যতঃ সকলোৱে এনে ঘটনাৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। প্ৰাকৃতিক দুৰ্যোগৰ বাবেই বিভিন্ন সময়ত অদ্ভুত পৰিঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এনে ক্ষেত্ৰত প্ৰকৃতিয়ে ইতিহাসৰ এটা সময়ৰ কথা মনত পেলাই দিয়ে যিটো আমাৰ পাহৰি যোৱাৰ প্ৰৱণতা থাকে। সেই ভয় ৰক্ষা কৰি ব্ৰিটেইনৰ ডাৰ্বিশ্বাৰত উদ্ধাৰ হৈছে এখন ডুব যোৱা গাঁও। এই ঘটনাৰ আঁৰত আছে স্বাভাৱিক কাৰণ আছে। মূলতঃ তাত তাপ বৃদ্ধি হোৱাৰ বাবে (খৰাং) এটা পুখুৰী শুকাই যায়। আৰু তাৰ পৰা সেই পুৰণি গাঁৱৰ লেখ-জোখ পোৱা গ’ল। ইতিহাসবিদসকলৰ মতে ১৯৪০ চনত ডাৰ্বিশ্বাৰৰ ডাৰৱেণ্ট গাঁওখন ভাঙি এটা বৃহৎ পুখুৰী সৃষ্টি কৰা হৈছিল। তাৰ পিছতে ডাৰ্বি, নটিংহাম, শ্বেফিল্ড, লেষ্টাৰ আদি চহৰলৈ পানী যোগান ধৰাটো সম্ভৱ হৈ উঠিছিল। কিন্তু ২০১৮ চনত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বাবে তাত বৰ গৰম পৰিছিল। ফলত পুখুৰীটোৰ পানীৰ স্তৰ বহু পৰিমাণে তললৈ নামি যায়। ইফালে পানী কমি অহাৰ লগে লগে গাঁওখনৰ কিছু অংশ পুনৰ দৃশ্যমান হৈ উঠিল। আৰু এই ঘটনাৰ ফলত মানুহে আচৰিত হৈছিল। ইফালে, এই বছৰো ব্ৰিটেইনতো অতি গৰম হৈছে। যাৰ বাবে ডাৰ্বিশ্বাৰৰ সেই পুখুৰীটোৰ পানী ক্ৰমান্বয়ে কমি আহিছে। ফলত পুনৰ সেই গাঁৱৰ আভাস দেখা গৈছে। এই সন্দৰ্ভত ডেইলী ষ্টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে গাঁওখনৰ নিজা ধুনীয়া ধুনীয়া ঘৰৰ কলনী আছিল। তদুপৰি তাত এখন শিলৰ দলঙো নিৰ্মাণ কৰা হৈছিল। যাৰ মাজেৰে ডেৰৱেণ্ট নদী বৈ গৈছিল। গাওঁখনত যদিও কম মানুহ বাস কৰিছিল, তথাপি তাত এখন স্কুল আৰু এটা গীৰ্জা আছিল। ইতিহাসবিদসকলৰ মতে ১৭৫৭ চনত এই গীৰ্জাঘৰটো নিৰ্মাণ কৰা হৈছিল। লগতে জনা যায় যে পুখুৰীটো নিৰ্মাণ কৰি থকাৰ সময়ত গীৰ্জাঘৰটো ভাঙি পেলোৱা হোৱা নাছিল। ফলত পুখুৰীটো পানীৰে ভৰি আছিল যদিও ইয়াৰ পৃষ্ঠভাগ বাহিৰৰ পৰা দেখা পোৱা গৈছিল। কিন্তু পৰৱৰ্তী সময়ত নিৰাপত্তাজনিত চিন্তাত গীৰ্জাঘৰটো ভাঙি পেলোৱা হয়। কাৰণ পুখুৰীত সাঁতুৰি মানুহে গীৰ্জালৈ যাবলৈ আৰম্ভ কৰিছিল। প্ৰসংগক্ৰমে এই গাঁৱৰ বহু ফটো প্ৰকাশ পাইছে। যাৰ পৰা সেই গাঁৱৰ মানুহৰ জীৱন-যাপনৰ অৱস্থাৰ বিষয়ে এটা ধাৰণা লাভ কৰিব পাৰি। এই সন্দৰ্ভত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জানিব পৰা গৈছে যে ১৮২৯ চনত এই গাঁৱত প্ৰায় ১০০ জন লোক বাস কৰিছিল। কোৱা হৈছে যে ইয়াত জুলাই মাহত এখন পশম মেলা বহিছিল। উল্লেখ্য যে এই পুখুৰীটো খান্দিবলৈ সমগ্ৰ গাঁওখন খালী কৰা হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.