পুনৰ আকাশত উৰিব জেট এয়াৰৱেজৰ বিমান !

নিৰাপত্তা অনুজ্ঞাপত্ৰ গৃহ মন্ত্রণালয়ৰ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : পুনৰ আকাশত উৰিব নেকি জেট এয়াৰৱেজৰ বিমান? সূত্রৰ খবৰ অনুসৰি কেন্দ্রীয় গৃহ মন্ত্ৰাণালয়ে জেট এয়াৰৱেজক নিৰাপত্তা বিষয়ক অনুজ্ঞাপত্ৰ মঞ্জুৰ কৰিছে। তাৰ ফলত আগন্তুক দিনত নতুনকৈ জেটৰ অন্তর্দেশীয় পৰিবহণ আৰম্ভ হোৱাৰ আশাই দেখা দিছে। সূত্রৰ খবৰমতে জেটৰ পৰিচালন পৰিষদসহ একাধিক বিষয়ে প্রস্তাৱিত পৰিৱর্তনৰ ক্ষেত্রত সেউজ সংকেত দিছে গৃহ মন্ত্ৰণালয়ে। ‘দ্য জালান কালৰক’ নামৰ এটা কনছর্টিয়াম গঠন কৰি জেটক নতুনকৈ আকাশত উৰুওৱাৰ পৰিকল্পনা প্রায় চূড়ান্ত হৈ গৈছে। উল্লেখ্য যে ২০১৯ চনৰ এপ্রিলত জেটৰ বিমান শেষবাৰৰ বাবে আকাশত উৰিছিল। সেই সময়ত সংস্থাৰ কর্ণধাৰ আছিল নৰেশ গোৱেল। তেওঁৰ আর্থিক দুৰৱস্থাৰ বাবে পৰিসেৱা বন্ধ কৰি দিবলৈ বাধ্য হৈছিল জেট। এতিয়া পুনৰুজ্জীৱনৰ অপেক্ষাত। তিনি বছৰতকৈয়ো বেছিদিন বন্ধ থকাৰ পিছত যোৱা ৫ মে’ত জেট এয়াৰৱেজে হায়দৰাবাদ বিমানবন্দৰত এক পৰীক্ষামূলক উড়ন চলাইছিল। সেয়া সফল হৈছে বুলি জনা গৈছে। এইবাৰ DGCA (ডিৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েচন)ৰ সমুখত পৰীক্ষামূলকভাৱে বিমান চলাব জেটে। সেই পৰীক্ষাত উত্তীৰ্ণ হ’লেই জেট এয়াৰৱেজৰ নতুন অৱতাৰ আকাশত উৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.