পুলিচ আৰু মানুহ

0 91

 বিনয় কৃষ্ণ তামুলী ফুকন

মই এটা-দুটা কথা মনত ৰাখিব পৰা হোৱাৰে পৰা “পুলিচ” এবিধ বেলেগ প্ৰাণী বুলি ধাৰণা কৰি লৈছিলোঁ। কাৰণ মোৰ দেউতাৰ তিনিজন ককাই-ভাইৰ মাজুজন ৰঙা পুলিচ আছিল। দেউতাই নৱম শ্ৰেণীতে ঘৰৰ পৰা পলাই গৈ তেখেতৰ মানে মাজু বৰদেউতাৰ লগত থাকি পঢ়া-শুনা কৰি বাহিৰে বাহিৰে দেউতাৰ জন্ম গাঁও লখিমপুৰৰ দেওবিলৰ বান্তৌৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ গোগামুখত ঘৰ বান্ধিছিল। সেই বাবে স্কুল বন্ধৰ দিনতহে আমি দেউতাৰ গাঁৱলৈ গৈছিলোঁ। সৰু বৰদেউতাৰ ঘৰলৈ যাবলৈ টান পাইছিলোঁ বাবে ডাঙৰ বৰদেউতাৰ ঘৰতহে থকাতো পচন্দ কৰিছিলোঁ। কাৰণ সৰু বৰদেউতাক আমি মানুহ নহয় পুলিচ বুলি ভাবিছিলোঁ। ইয়াৰ অন্তৰালত থকা কথাটো হ’ল তেখেতে মোক বৰ ভয় খুৱাইছিল। মোক ভয় খুৱাবলৈকে বৰমাক কৈছিল – ঐ মোৰ বেতডাল আন, হেণ্ডকাফ ডাল আন। তাতে বেৰৰ গজালত ওলোমাই থোৱা টুপিটো আছিলেই।
তেতিয়াৰে পৰা মোৰ পুলিচৰ প্ৰতি ধাৰণাটো বেয়া।

আমি সৰু হৈ থাকোঁতে গাঁৱৰ পথত পুলিচ দেখিলে ভয়ত লুকাইছিলোঁ। মুঠতে ডাঙৰ সকলেও বুজাই দিছিল পুলিচ মানে এক ভয় কৰিবলগীয়া প্ৰাণী। যেন তেওঁলোক মানুহ নহয় দৈত্যহে। ধৰিব পাৰিলেই গিলি পেলাব।
সৰুতে যে পুলিচৰ প্ৰতি বেয়া ভাৱ এটা মনত সোমাই গ’ল, তাক লাহে লাহে আঁতৰাব পৰা হৈছিলোঁ যদিও কিবা কাৰণত আকৌ সৰু কালৰ সেই ভয়ংকৰ ধাৰণাটোৱে মনত দৃঢ়ভাৱে থিতাপি লৈছেহি। পুলিচবোৰ মানুহ নহয় নেকি ???

মন্তব্য দিয়ক

Your email address will not be published.