পূৱ তেলাহীত সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ছটা পৰিয়ালৰ বাসগৃহ
এছেৰেকটা ন-আলিত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া অব্যাহত
শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ বানৰ সমান্তৰালকৈ লখিমপুৰ জিলাত সোৱণশিৰিৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। বৃহত্তৰ তেলাহী মৌজাৰ পূৱ তেলাহীত এতিয়া সোৱণশিৰি নদীয়ে প্রচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত ছটা পৰিয়ালৰ বাসগৃহ চলিত সপ্তাহত সোৱণশিৰিৰ বুকুত জাহ যোৱাৰ পিছত আৰু প্ৰায় কুৰিটা পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ উপক্রম ঘটিছে। ইতিমধ্যে সোৱণশিৰিৰ খহনীয়াই পূব তেলাহীত জয়ন্ত দলে, দাসী পেণ্ড, সীতাৰাম দলে, বুচিৰি দলে, কৃষ্ণ দলে, বিৰিঞ্চি দলে আৰু বিষ্ণুৰাম পেণ্ডৰ বাসগৃহ নিঃশেষ কৰি পেলায়। উল্লেখ্য যে পুৱ তেলাহীৰ এছেৰেকটা মহৰিচুক আৰু গোৱালবাৰীত এতিয়া সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰাত শ শ হেক্টৰ কৃষিভূমি জাহ যোৱাৰ লগতে ঘৰ বাৰীও জাহ যাবলৈ ধৰিছে। নদীখনে এছেৰাকটা মহৰীচুক আৰু গোৱালবাৰীত তীব্র খহনীয়াৰ সৃষ্টি কৰাত নিকটবর্তী মাজৰ চাপৰি, গামচুক, আদিসুঁতি, বালিজান, শান্তিপুৰ আদি গাঁওসমূহলৈ ভাবুকি কঢ়িয়াই আনিছে। ইফালে ন-আলিতো নদীখনে তীব্র খহনীয়াৰ সৃষ্টি কৰাত অঞ্চলটোৰ মৰটন চাপৰি, ধুলি গাঁও, মুক্তি চুক আদি গাঁওসমূহলৈ ভাবুকি কঢ়িয়াই আনিছে। একপ্ৰকাৰে সোৱণশিৰিৰ খহনীয়াই আতংকিত ৰাইজে এতিয়া বিনিদ্র ৰজনী কটাবলগীয়া হৈছে। সমান্তৰাল ভাৱে খেৰকটীয়া নদীয়েও একেটা অঞ্চলৰ টামাৰ গাঁও, ডফলাকটা আদিলৈ ভাবুকি নমাই আনিছে। টিএম পি কে, এম.এম.কে আৰু টি এম এম কে স্থানীয় আঞ্চলিক সমিতিসমূহে উক্ত খহনীয়া অঞ্চলসমূহত শীঘ্ৰে বিজ্ঞান সম্মত ভাৱে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে। এই ক্ষেত্ৰত লখিমপুৰ জিলা প্রশাসনক স্ব-জমিন পৰিদৰ্শনৰ ব্যৱস্থা কৰিবলৈয়ো সংগঠন কেইটাই দাবী জনাইছে।
