শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ এপ্ৰিল : মাৰ্কিন মহাকাশ গৱেষণা সংস্থা, নাছাৰ সতর্কবাণীয়ে উদ্বেগ বঢ়াইছে আমাৰ এই গ্রহত। নতুন এটা চক্রত প্রৱেশ কৰিছে সূর্য। ইয়াৰ প্রভাৱত পৃথিৱীত আছাৰ খাই পৰিব পাৰে এক শক্তিশালী সৌৰ ধুমুহা। হাতত মাত্র ২৪ ঘণ্টা। এই ধুমুহাৰ গতি হ’ব পাৰে ২০ লাখ কিলোমিটাৰৰো বেছি। এই সৌৰ ধুমুহাৰ পোছাকী নাম হৈছে Geomagnetic storm। পৃথিৱীক আজিৰ ভিতৰত এই ধুমুহাই আঘাত কৰিব পাৰে। সূর্যই যেতিয়া সৌৰ শিখা আৰু কৰোনাৰ ভৰ পদার্থ আৰু শক্তি নির্গত কৰে তেতিয়া সৃষ্টি হয় বৈদ্যুতিক চার্জ আৰু চৌম্বক ক্ষেত্রৰ প্রবাহ। এই প্রবাহ মহাকাশত বিয়পি পৰে। ইয়াকেই সৌৰ ধুমুহা বুলি কয় বিজ্ঞানীসকলে। পৃথিৱীৰ বায়ুমণ্ডলে সূৰ্যৰ উল্লিখিত প্ৰবাহৰ সৰহখিনিয়েই শোষণ কৰি লয়। সেয়ে ইয়াৰ প্রভাৱ বৰ বেছিকৈ আমাৰ ভূপৃষ্ঠত নপৰেহি। বিজ্ঞানীসকলে জনাইছে যে, এই সৌৰ ধুমুহাৰ প্রভাৱত ভাগি পৰিব পাৰে ইলেকট্রিক গ্রীড ব্যৱস্থা, নষ্ট হ’ব পাৰে ৰেডিঅ’ ছিগনেল, জিপিএছ ব্যৱস্থা, বন্ধ হ’ব পাৰে মোবাইল ফোন পৰিসেৱা কিম্বা হ’ব পাৰে প্রবল বিদ্যুৎ বিভ্রাট। ব্যাহত হ’ব পাৰে উপগ্রহীয় যোগাযোগ ব্যৱস্থাও।