দাদুল দেৱকৃষ্ণ বৰুৱা
কৰ’না-পৰৱর্তী সময়ত অর্থনৈতিক ক্ষেত্ৰলৈ এক ব্যাপক পৰিৱর্তন আহিছে ব্যৱসায়ৰ ক্ষেত্রত। বিশেষকৈ নাৰীসকলৰ বৃহৎ এটা অংশ ব্যৱসায়ৰ প্ৰতি আগ্রহী হৈ উঠিছে। কিন্তু কেতিয়াৰ পৰা ব্যৱসায় ক্ষেত্ৰলৈ নাৰীৰ আগমন ঘটিছিল? ইতিহাসৰ প্রথম নাৰী ব্যৱসায়ী কোন আছিল? এই বিষয়বোৰো জানো গুৰুত্বপূৰ্ণ নহয়? অৱশ্যে এই বিষয়ক গৱেষণাত পোহৰলৈ আহিছে কিছু গুৰুত্বপূর্ণ তথ্য। ব্রিটিছ সংবাদ মাধ্যম BBCত সাংবাদিক তথা লেখক চফি হার্ডেকৰ (Sophie Hardach) এটা লেখা শেহতীয়াকৈ প্রকাশ হৈছে। চফিৰ উক্ত গৱেষণামূলক লেখাৰ ভিত্তিত ‘শতাব্দ’ৰ পাঠকৰ বাবে এই লেখাটো যুগুতোৱা হৈছে।
গৱেষণাত দেখা গৈছে যে, ইতিহাসৰ প্রথম নাৰী ব্যৱসায়ী আছিল ইৰাকৰ উত্তৰাঞ্চলৰ টাইগ্রিছ নদীৰ তীৰত অৱস্থিত আসুৰ (Assur) চহৰৰ এগৰাকী নাৰী, যাৰ নাম আছিল আহাহা (Ahaha)। সেয়া আছিল খ্রীষ্টপূর্ব ১৮৭০। আহাহা নামৰ সেই নাৰীগৰাকী ব্যৱসায় কৰিবলৈ আহি তেওঁৰ আপোন ভায়েকৰ প্রতাৰণাৰ চিকাৰ হৈছিল।
আহাহাই ইৰাকৰ আসুৰ চহৰৰ পৰা তুৰস্কৰ কানেচ (Kanesh) চহৰৰ ব্যৱসায়ত বিনিয়োগ কৰিছিল। এই ব্যৱসায়ত বিনিয়োগ কৰিছিলে আহাহাসহ আৰু কেইবাজনেও। ব্যৱসায়টো আছিল কাপোৰ আৰু টিনৰ। তেতিয়া গাধৰ পিঠিত বোজাই কৰি মালবস্তু এঠাইৰ পৰা আন ঠাইলৈ নিয়া হৈছিল। সেয়া আছিল বিনিময় প্রথাৰ যুগ। অর্থাৎ, মুদ্রাৰ সলনি সেই যুগত পণ্যৰ মূল্য হিচাবে অন্য এবিধ পণ্য বিনিময়েই আছিল দস্তুৰ। আহাহাৰ ব্যৱসায়টো আছিল বেছ লাভজনক। কিন্তু আহাহাক তেওঁৰ প্রাপ্য লভ্যাংশৰ পৰা বঞ্চিত কৰা হৈছিল। তেওঁৰ আপোন ভাই বুযাযু (Buzazu)-এ তেওঁৰ এই ক্ষতি কৰিছিল।
এছিৰীয় সভ্যতাত তেতিয়া কিউনিফর্ম (cuneiform) পদ্ধতিত লেখা হৈছিল। পোৰামাটিৰ শ্লেটত কাঠিৰে আহাহাই তেওঁৰ লগত ঘটা অবিচাৰৰ ঘটনাটো তেওঁৰ আৰু এজন ভায়েক আসুৰ মুতাপ্পিলে লিখি জনাইছিল। আহাহাই ভায়েক মুতাপ্পিলৰ পৰা সহায়ো বিচাৰিছিল। চিঠিত আহাহাই লেখিছিল— ‘‘ব্যৱসায়ত বিনিয়োগ কৰা ৰৌপ্য মোৰ শেষ সম্বল। এই ৰৌপ্য নাপালে মই একেবাৰে নিঃস্ব হৈ পৰিম।’’ এ বিষয়ে ভায়েক মুতাপ্পিলক যথাযথ আৰু দ্রুত পদক্ষেপ ল’বলৈ তেওঁ অনুৰোধ জনাইছিল।
আহাহাই আশা কৰিছিল চিঠিৰ ফলত তেওঁ তেওঁৰ প্রাপ্য লভ্যাংশ ঘূৰাই পাব আৰু পিছত ব্যৱসায়ীসকলৰ দল ঘূৰি আহিলে ভায়েক মুতাপ্পিলে সমাধান দিব। আৰু এখন পোৰামাটিৰ ফলিত কাঠিৰে লেখা চিঠিত আহাহাই লিখিছিল— ‘’এয়াই সময় মোৰ সহায়ৰ বাবে আগুৱাই অহাৰ। মোক অর্থনৈতিক দুঃশ্চিন্তাৰ পৰা মুক্তি দিয়াৰ।’’

কানেচৰ সেই চিঠিৰ স্তুপবোৰৰ পৰা বিভিন্ন চুক্তি আৰু আদালতৰ ৰায় সম্পর্কেও জনা যায়। খ্রীষ্টপূর্ব ১৮৫০-১৯০০ৰ ভিতৰত এছিৰীয় সভ্যতাত ব্যৱসায় আৰু নতুন নতুন আৱিষ্কাৰ হয় আৰু উন্নতি লাভ কৰে। এছিৰীয়সকলে ব্যৱসায় বিনিয়োগৰ নতুন নতুন পথ উদ্ভাৱন কৰে। সেই সময়ত নাৰীসকলৰ অগ্রগামী যাত্রাৰ এখন চিত্রও চিঠিবোৰৰ মাধ্যমেৰে ফুটি উঠে, য’ত নতুন আৱিষ্কাৰ, ব্যৱসায়ত কেৱল পুৰুষেই নহয়, নাৰীৰো গুৰুত্বপূর্ণ ভূমিকাৰ কথা আছে। বিভিন্ন নথিৰ পৰা জনা যায়, এইসকল নাৰীৰ স্বামী যেতিয়া ব্যৱসায়ৰ কামত ঘৰৰ বাহিৰত অৱস্থান কৰে, তেতিয়া তেওঁলোকে ঘৰত থাকিয়েই ব্যৱসায় চোৱা-চিতা কৰে। এনেদৰে তেওঁলোকে নিজেও সম্পদশালী হোৱাৰ সমান্তৰালভাৱে ব্যক্তিগত জীৱনত শক্তিশালী হৈ উঠে।
ফ্রান্সৰ National Centre for Scientific Research (CNRS)ৰ জ্যেষ্ঠ গৱেষক আৰু Women of Assur and Kanesh গ্ৰন্থৰ লেখক চিচিল মিচেল (Cécile Michel)ৰ মতে, ৩০০খন চিঠি আৰু অন্যান্য নথিৰ পৰা সেই সময়ৰ নাৰীসকলৰ জয়যাত্রা আৰু বর্ণিল সময় সম্পর্কে জনা যায়। তদুপৰি এইবোৰৰ পৰা জানিব পাৰি সেই ঠাইৰ নাৰীসকলৰ সংগ্রামৰ বিভিন্ন গল্প। চিঠিবোৰ বৰ বেছি দীঘল নাছিল। এইবোৰ আছিল সৰু সৰু চিঠি, যিবোৰ হাতৰ তলুৱাত ৰাখি পঢ়া হৈছিল। ক্ষুদ্র হ’লেও এই চিঠিৰ লেখাবোৰৰ পৰা সেই সময়ৰ অনেক গুৰুত্বপূর্ণ গল্প উঠি আহিছে। প্রথম নাৰী ব্যৱসায়ীৰ কাহিনীটো সমগ্ৰ এছিৰীয় ব্যৱসায়ী কমিউনিটিৰ কাহিনীৰ সতে একেলগেই আছিল। চিঠিৰ পৰা জনা যায়, এছিৰীয়সকল ব্যৱসায়ত বেছ সফল আছিল। তেওঁলোকৰ ব্যৱসায়ী দল ৩০০ গাধৰ সৈতে পার্বত্য পথেৰে অহা-যোৱা কৰিছিল। গাধৰ পিঠিত বিভিন্ন পণ্যৰ কেঁচামাল আৰু বিলাসবহুল পণ্য বহন কৰা হৈছিল। তদুপৰি চিঠিও বহন কৰা হৈছিল।
এছিৰীয় ব্যৱসায়ীসকলে যি পথেৰে তেওঁলোকৰ ব্যৱসায়িক দল লৈ ভ্ৰমণ কৰিছিল, সেয়া আছিল সকলোফালেই আন্তর্জাতিক। এই বাণিজ্যপথৰ কেন্দ্র আছিল এছিয়াৰ কেন্দ্রস্থলত। ধাৰণা কৰা হয় প্রাচীন ছিল্কৰুটৰ অংশ আছিল এই পথ। আফগানিস্তানৰ পৰা লাপিচ-লাজুলি, পাকিস্তানৰ পৰা কার্নেলিয়ান, ইৰাণপর্যন্ত বিস্তৃত আছিল এই পথ।
নেদাৰলেণ্ডছৰ লিডেন বিশ্ববিদ্যালয় (Leiden University)ৰ এছিৰীয় সভ্যতা বিষয়ক গৱেষক জন জেৰিট ডার্কচেন (Jan Gerrit Dercksen)-এ কানেচৰ চিঠিবোৰ লৈ কাম কৰিছে। তেওঁৰ ভাষ্যমতে, বিদেশী ব্যৱসায়ীসকলে বিভিন্ন টেক্সটাইল পণ্য দক্ষিণ ইৰাকৰ বেবিলনিয়াৰ পৰা আসুৰলৈ লৈ আহে। এছিৰীয়সকলৰ ওচৰত সেইবোৰ বিক্রী কৰা হয় স্বর্ণ আৰু ৰূপৰ বিনিময়ত।
এছিৰীয় নাৰীসকলে কাপোৰৰ কিনাবেচা ঘৰত বহিয়েই পৰিচালনা কৰিছিল। তেওঁলোকে নিজে উপার্জনৰ প্রতি বৰ আগ্রহী আছিল। বিদেশৰ বিভিন্ন নতুন ফেচন-ষ্টাইল লৈয়ো তেওঁলোক সচেতন আছিল। ব্যৱসায়ী হিচাবে দক্ষ এইসকল নাৰীৰ বহুতেই স্বামীৰ লগত যৌথভাৱে ব্যৱসায় কৰিছিল। চিঠিৰ পৰা প্রাপ্ত বিভিন্ন তথ্য তুলি ধৰি BBCত প্রকাশিত লেখাত চুফি হার্ডছে জনায় যে, সেই সময়ত নাৰীয়ে তেওঁলোকৰ স্বামী আৰু ককাই-ভাইক কোনো কথা বা উপদেশ দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেওঁলোক আছিল সাহসী আৰু দক্ষ। আন এখন চিঠিৰ পৰা জনা যায়, এগৰাকী নাৰীয়ে তেওঁৰ ভায়েকলৈ চিঠিত লিখিছিল— “লোভী নহ’বা, আমাক ধ্বংস নকৰিবা।’’
পাৰিবাৰিক কাঠামো আছিল বহুখিনি উদাৰ। চুফি হাৰ্ডছৰ মতে, সেই সময়ত আসুৰ আৰু কানেচত স্বামী-স্ত্রী যিয়েই বিচাৰে বিবাহ বিচ্ছেদ কৰিব পাৰিছিল। কিন্তু একেসময়তে বেবিলিয়নাৰ চিত্র আছিল ভিন্ন। তাত নাৰীসকলৰ ‘ডিভোৰ্চ’ দিয়াৰ অধিকাৰ নাছিল। অর্থনৈতিকভাৱে শক্তিশালী হোৱা সেই সময়ৰ নাৰীসকলৰ ব্যক্তিগত জীৱন বেছ উন্নত আছিল। সেই সময়ত নাৰীসকলে বিয়াৰ সময়ত চর্ত আৰোপ কৰিছিল— পুৰুষে দ্বিতীয় স্ত্রী গ্রহণ কৰিব নোৱাৰিব আৰু ভ্রমণত গ’লে স্ত্রীক অৱশ্যেই লগত নিব লাগিব। উদাহৰণস্বৰূপে ইৰাম-আসুৰৰ কন্যা চুহকানাক বিয়া কৰাইছিল আসুৰ-মালেকে। বিয়াৰ চর্ত আছিল—আসুৰ-মালিক য’লৈকে যাব, তেওঁক লগত লৈ যাব লাগিব। আসুৰ-মালেকে কনেচৰ অন্য কোনো নাৰীক বিয়া কৰাব নোৱাৰিব।

মেছোপটেমিয়াৰ চহৰবোৰতো নাৰীয়ে লেখা চিঠি পোৱা গৈছে। অৱশ্যে সেইবোৰ সংখ্যাত ইমান বেছি নহয়। তদুপৰি সেইবোৰত তেনে তথ্যও পোৱা নাই। এই ক্ষেত্ৰত কানেচ ব্যতিক্রম। অৱশ্যে কানেচত প্ৰাপ্ত বহু চিঠিৰ পাঠোদ্ধাৰ এতিয়াও হোৱা নাই। সেইবোৰত কি ৰহস্যময় বাৰ্তা আছে কোনে জানে !