পৃথিৱীৰ পৰা বিলুপ্তিৰ পথত ১০ লাখ প্ৰজাতি

0 278

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : বিশ্বৰ জৈৱ বৈচিত্ৰ্য অতিকে বিপন্ন হৈ পৰিছে। ফলত গোটেই বিশ্বত প্ৰায় ১০ লাখ প্ৰজাতিৰ প্ৰাণী বিলুপ্তিৰ পথত বুলি জনা গৈছে। জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বিজ্ঞান-নীতি মঞ্চ বা আই পি বি ই এছে জাৰ্মানীত প্ৰকাশ কৰিছে এক প্ৰতিবেদন। তাৰ পৰাই আহিল ভয়ংকৰ খবৰটো। প্ৰতিবেদনত কোৱা হৈছে যে, মানৱ জাতি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কমেও ৫০ হাজাৰ বন্যপ্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। খাদ্য, ঔষধ আদিৰ বাবে এই নিৰ্ভৰশীলতা সৃষ্টি হৈছে। ১৩৯খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ তথ্যৰে এই সমীক্ষা চলোৱা হৈছিল। মানুহ বিভিন্ন কাৰণত ৬৫০০ প্ৰজাতিৰ মাছ, ৬৪০০ গছ, ১৫০০ ভেঁকুৰ আৰু ৭৫০০ বন্য উভচৰ প্ৰাণী, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। পৃথিৱীৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন ব্যক্তি মহিলা, শিশু আৰু কৃষককে ধৰি বিভিন্ন উদ্ভিদ, শেলাই, ভেঁকুৰ আদিৰ ওপৰত নিৰ্ভৰশীল। কেৱল ব্যক্তিগত নিৰ্ভৰশীলতাৰ স্থানৰ পৰাই নহয়, উদ্ভিদ আৰু জীৱ-জন্তুৰ বিলুপ্তিৰ স্থানৰ পৰাও বিশ্ব প্ৰভাৱিত হ’ব। বিভিন্ন দেশে বিভিন্ন উদ্ভিদ আৰু জীৱ-জন্তুৰ ব্যৱসায়ৰ জৰিয়তে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে। সেইটোতো ব্যাঘাত জন্মিব। এয়া এক অতি চিন্তাৰ বিষয়। এইখিনি কথাই যথেষ্ট যে, বিশ্বৰ লাখ লাখ মানুহ ইন্ধনৰ বাবে গছৰ ওপৰত নিৰ্ভৰশীল। পৃথিৱীৰ পৰা গছ-গছনি বিলুপ্ত হোৱাৰ অৰ্থ হৈছে সাধাৰণ মানুহৰ অৰ্থনীতিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰা।

মন্তব্য দিয়ক

Your email address will not be published.