পৃথিৱী ধীয়াই আহি আছে বিশাল গ্ৰহাণুঃ খুন্দা মাৰিলেই ঘটিব অথন্তৰ

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্ট : শেহতীয়াকৈ আৱিষ্কাৰ হোৱা পাঁচটা ধুমকেতুৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণু ২০২২ অ’টি১ হৈছে ১১০ ফুট দৈৰ্ঘ্যৰ। অহা দেওবাৰৰ পুৱালৈকে ই পৃথিৱীৰ ৪ কোটি ৭০ লাখ কিলোমিটাৰৰ ভিতৰলৈ অহাৰ কথা! মহাকাশ গৱেষকসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বিগত কিছুদিনত পৃথিৱীৰ কাষেৰে অতি কমেও ৫টা গ্ৰহাণু পাৰ হৈ গৈছে। ইয়াৰে কমেও তিনিটা গ্ৰহাণু বৃহৎ, যিটো এক চিন্তাৰ বিষয় বুলি মহাকাশ গৱেষকসকলে কয়। ফলত সামান্য ভুল হ’লে এইবোৰ পোনে পোনে পৃথিৱীৰফালে আহিব পাৰে আৰু আটাইতকৈ ডাঙৰ দুৰ্যোগ হ’ব পাৰে! নাছাৰ বিজ্ঞানীসকলৰ মতে, দেওবাৰে পুৱা ৩:২৩ বজাত গ্ৰহাণু ২০২২ অ’টি১ পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিব। সেই সময়ত গ্ৰহাণুটোৱে প্ৰতি ছেকেণ্ডত ৫.৭ কিলোমিটাৰ অৰ্থাৎ প্ৰতি ঘণ্টাত প্ৰায় ২০,৫২০ কিলোমিটাৰ বেগত প্ৰদক্ষিণ কৰিব। নাছাৰ এষ্টেৰয়ড ৱাচ বিভাগক এই গ্ৰহাণুবোৰৰ ওপৰত চকু ৰখাৰ দায়িত্ব দিয়া হৈছে। তেওঁলোকে পৃথিৱীৰ পৰা ৭.৫ কোটি কিলোমিটাৰৰ ভিতৰত অহা গ্ৰহাণু আৰু ধুমকেতুৰ সম্ভাৱ্য ট্ৰেজেক্টৰী প্লট কৰে। নাছাৰ এই গ্ৰহাণুৰ কক্ষপথৰ আৰ্হিত অৱশ্যে গ্ৰহাণুটো পৃথিৱীৰ ফালে অহাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই। কিন্তু মহাবিশ্বৰ বিষয়ে মানুহৰ জ্ঞান সীমিত। গতিকে যিকোনো মুহূৰ্ততে ই ভুল প্ৰমাণিত হ’ব পাৰে। নাছাৰ মতে, এই আকাৰৰ গ্ৰহাণু এটাই যদি কিবা প্ৰকাৰে পৃথিৱীত খুন্দা মাৰে, তেন্তে ই পেৰিছ চহৰৰ সমান বা কলকাতা চহৰৰ আকাৰৰ প্ৰায় আধা আকাৰৰ এটা বিশাল গহ্বৰ সৃষ্টি কৰিব পাৰে। যদি তেনেকুৱা হয় তেন্তে মানৱ সভ্যতাৰ অন্তও হ’ব পাৰে। কাৰণ ডাইনোছৰবোৰৰ কি হ’ল সকলোৱে জানে। পৃথিৱীত খুন্দা মাৰিছিল এটা প্ৰকাণ্ড গ্ৰহাণুৱে। তাৰ পৰাই পৃথিৱীত খাদ্য সংকট হৈছিল। তাৰ বাবেই ডাইনোছৰবোৰ বিলুপ্ত হৈ পৰিল। প্ৰসংগক্ৰমে উল্লেখ্য যে ১৬ আগষ্টত ৯৩ ফুট বহল ২০২২ চনৰ পি ডব্লিউ পৃথিৱীৰ অতি ওচৰতে পাৰ হৈ গৈছিল। লগতে বিগত কিছুদিনত কেইবাটাও বৃহৎ গ্ৰহাণু পৃথিৱীৰ ওচৰেদি বিপজ্জনকভাৱে পাৰ হৈ গৈছে। আনকি ইয়াৰে এটাই গ্ৰহটোত খুন্দা মাৰিলেও এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হ’লহেঁতেন।

মন্তব্য দিয়ক

Your email address will not be published.