পেণ্টাগনত ভাৰতীয় মূলৰ ৰাধা আয়েংগাৰ

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুন : পেন্টাগনৰ গুৰুত্বপূর্ণ পদৰ বাবে ভাৰতীয় বং‌শোদ্ভৱ ৰাধা আয়েংগাৰ প্লাম্বক মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। ১৫ জুনত তেওঁক আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰৰ ডেপুটি আণ্ডাৰ চেক্রেটাৰি (সামৰিক ক্রয় আৰু স্থিতিশীলতা) পদত নিয়োগ কৰা হৈছে। হার্ভার্ড বিশ্ববিদ্যালয়ৰ প্রাক্তন ছাত্ৰী ৰাধা আয়েংগাৰে এসময়ত লণ্ডন স্কুল অব ইকনমিক্সতো শিক্ষকতা কৰিছিল। আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰত যোগদানৰ পূৰ্বে তেওঁ গুগলত কর্মৰত আছিল। তাৰ পূৰ্বে ফেচবুকৰ নীতি বিশ্লেষণ সংক্রান্ত বিভাগৰ প্রধানৰ দায়িত্বও চম্ভালিছিল। অর্থনীতিৰ ছাত্রী ৰাধাৰ আন্তর্জাতিক নিৰাপত্তা সংক্রান্তীয় সমস্যা, অস্ত্র আৰু সামৰিক সৰঞ্জাম সংক্রান্তীয় আন্তর্জাতিক ব্যৱসায় আৰু প্রতিৰক্ষা বিষয়ক পৰিসংখ্যা বিশ্লেষণৰ ক্ষেত্রত ‘বিশেষজ্ঞ’ হিচাবে পৰিচিতি আছে। ডেপুটি আণ্ডাৰ চেক্রেটাৰি পদত নিযুক্ত হোৱাৰ আগেয়ে তেওঁ আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰৰ ডেপুটি চেক্রেটাৰিৰ দপ্তৰত ‘চিফ অব ষ্টাফ’ পদত কর্মৰত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.