পোহনীয়া ভাটোৱে দিলে হত্যাকাণ্ডৰ সাক্ষী

ধৰা পৰিল হত্যাকাৰী

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুন : এজন প্রৌঢ়ক গুলি কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হ’ল তেওঁৰ পত্নী। সাক্ষী দিলে মৃতকৰ পোহনীয়া ভাটৌৱে! চৰাইটোৰ সাক্ষীৰ ভিত্তিতেই বিচাৰকসকলে ২০১৫ চনৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰিলে ৪৯ বছৰ বয়সীয়া গ্লেনা ডুৰামক। ২০১৫ চনৰ মে’ মাহত আমেৰিকাৰ ডেট্রয়েটত হত্যা কৰা হৈছিল ৪৬ বছৰ বয়সীয়া মার্টিন ডুৰাম নামৰ এজন ব্যক্তিক। খুব ওচৰৰ পৰা পাঁচটা গুলি মৰা হৈছিল তেওঁলৈ। মৃত্যু হয় মার্টিন ডুৰামৰ। অন্যহাতে তেওঁৰ পত্নী গ্লেনা ডুৰামে মূৰত আঘাত পায়। গোচৰ আদালত পালেহি। কোনে খুন কৰিলে মার্টিন ডুৰামক? মার্টিনৰ প্রাক্তন পত্নী ক্রিষ্টীনাৰ দাবী— প্রাক্তন স্বামীক খুন কৰিছে তেওঁৰ দ্বিতীয় পত্নী গ্লেনাই। তাৰ পিছত নিজকে আঘাত কৰি বিষয়টো ঘূৰাবলৈ বিচাৰিছে। কিন্তু তাৰ প্রমাণ কী? আদালতলৈ সাক্ষী হিচাবে অনা হয় মৃত মার্টিনৰ পোহনীয়া ভাটৌটোক। নাম তাৰ ‘বাড’। মার্টিনৰ প্রাক্তন পত্নীৰ অভিযোগ— গুলি চলোৱাৰ সময়ত ওচৰতেই আছিল ভাটৌটো। মার্টিনক গুলি চলোৱাৰ সময়ত ছটফটাই উঠিছিল। ভাটৌটোক সত্য কথা ক’বলৈ শিকাইছিল মার্টিনে। মালিকৰফালে তাৰ মালিকনীয়ে বন্দুক টোৱাওতেই বাধা দিছিল চৰাইটোৱে। চিঞৰি উঠিছিল— ‘নামাৰিবা’। চৰাইটোৰ কণ্ঠস্বৰ আছিল ঠিক মার্টিনৰ দৰেই। প্রাক্তন স্বামীৰ মৃত্যুৰ পিছত ক্রীষ্টিনাই এই চৰাইটো লৈ যায়। কাৰণ, মার্টিনৰ পিছত ভাটৌটোৱে সকলোতকৈ বেছিকৈ চিনি পায় তেওঁকেই। ভৰপূৰ আদালতত চৰাইটোৰ সাক্ষ্য লোৱা হয়। কিন্তু এটা চৰাইৰ সাক্ষ্যৰ ভিত্তিত জানো কাৰোবাক অপৰাধী ঘোষণা কৰা যায়? বাদী আৰু বিবাদী পক্ষৰ মাজত আৰম্ভ হয় আইনী তৰ্ক। দীর্ঘ প্ৰশ্ন-উত্তৰ চলিল। প্রথমে আদালতে জনাই দিয়ে যে, এটা ভাটৌৰ সাক্ষ্য লৈ কাকো অপৰাধী ঘোষণা কৰিব পৰা নাযায়। গোচৰটো খাৰিজ হয়। কিন্তু আকৌ আদালতত উঠে গোচৰ। আদালতত ক’বলৈ উঠিল ক্রীষ্টিনা। মার্টিনৰ মৃত্যুৰ পিছত ভাটৌটো আছিল তেওঁৰ কাষতে। সেয়ে মাজে মধ্য চিঞৰি উঠে ‘ফা…ডন্ট শ্বুট’ (গুলি নকৰিবা)। ক্রীষ্টিনাৰ দাবী— তেওঁৰ পোষ্য ‘বাড’ৰ মনত ৰৈ গৈছে সেইদিনা তাৰ মালিকক খুন কৰাৰ ঘটনা। সেয়ে সি হঠাৎ উচপ খাই উঠি চিঞৰি দিয়ে— “গুলি নকৰিবা’’। দীর্ঘ প্ৰশ্ন-উত্তৰৰ পিছত স্বামীক খুনৰ অপৰাধত গ্লেনাক দোষী সাব্যস্ত কৰে আদালতে। মার্টিনৰ পোহনীয়া ভাটৌটো হৈছে আফ্রিকাৰ গ্রে পেৰট (আফ্রিকাৰ ধূসৰ প্রজাতিৰ ভাটৌ)। বহু গৱেষকৰ দাবী— আফ্রিকাৰ এই বিশেষ প্রজাতিৰ চৰাইবিধে ২০০টাৰো বেছি শব্দ মনত ৰাখিব পাৰে। ইহঁত বেছ বুদ্ধিমান। ‘বাড’ সেই আফ্রিকান প্রজাতিৰ ভাটৌ, যাৰ স্মৃতিশক্তি বেছ ভাল। সেয়ে মালিকৰ কণ্ঠৰ দৰে সি চিঞৰি উঠা ‘ফা… ডন্ট শ্বুট’ শব্দই হৈ উঠিল এই বিচাৰ প্রক্রিয়াৰ সাক্ষী। কিছুদিনৰ ভিতৰতেই স্বামীৰ হত্যাত দোষী সাব্যস্ত হোৱা গ্লেনা ডুৰামৰ শাস্তি ঘোষণা কৰিব আদালতে। খুনৰ গোচৰত সাক্ষী দিছে চৰায়ে। গল্প-উপন্যাসত এনে বহু কাহিনী পোৱা যায়। বাস্তৱতো এনে ঘটনা পোৱা গৈছে। তাত নতুন সংযোজন এই আফ্রিকান গ্রে পেৰটৰ সাক্ষ্যদান।
মন্তব্য দিয়ক

Your email address will not be published.