পৌৰ কৰ বৃদ্ধি বাতিলৰ দাবীত লখিমপুৰত যুৱ-ছাত্ৰ পৰিষদৰ  প্ৰতিবাদ

0 114

 শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ অসম চৰকাৰে বিভিন্ন শিতানত পৌৰ কৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিষদৰ অভিযোগ শেহতীয়াকৈ অসম চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহ কৰকে ধৰি অন্যান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে পৌৰকৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কতৃৰ্পক্ষই  লখিমপুৰ পৌৰ নিগম আৰু পৌৰসভাক স্থানীয়ভাৱে জন শুনানি আৰু ৰাজহুৱা উজৰ-আপত্তি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ স্বত্তেও অতি কৌশলেৰে জন শুনানি বা ৰাজহুৱা অভিযোগৰ কোনো গুৰুত্ব নিদি পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ সেয়ে এই প্ৰস্তাৱ শীঘ্ৰে বাতিল কৰাৰ দাবীত আজি পৰিষদৰ জিলা সমিতিয়ে পৌৰ সভাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ আজিৰ এই কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা, জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰুণ গগৈ  লগতে জিলা সমিতি, আঞ্চলিক সমিতি আৰু জাতীয় মহিলা পৰিষদে অংশ গ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.