প্রতিৰক্ষা গৱেষণাত সাফল্য ভাৰতৰ

স্বল্প-দূৰত্বৰ চাৰফেচ-টু-এয়াৰ মিছাইল পৰীক্ষা

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : বৃহৎ সাফল্য ভাৰতৰ প্রতিৰক্ষা গৱেষণা ক্ষেত্রত। উৰিষ্যাৰ চাঁদিপুৰ উপকূলত এখন যুদ্ধজাহাজৰ পৰা ২৪ জুনত ভার্টিকেল-লঞ্চ, স্বল্প-দূৰত্বৰ চাৰফেচ-টু-এয়াৰ মিছাইল VL-SRSAM সফলভাৱে পৰীক্ষা কৰা হয়। প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে পৰীক্ষাৰ পিছতেই টুইট কৰে। এই টুইটত নৌবাহিনী আৰু প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা অর্থাৎ ডিআৰডিঅ’ক তেওঁলোকৰ সাফল্যৰ বাবে অভিনন্দন জনায় প্রতিৰক্ষা মন্ত্রীজনে। নৌবাহিনীৰ প্রধান এডমিৰেল আৰ হৰি কুমাৰে কয় যে, এই দেশীয় ক্ষেপণাস্ত্র ব্যৱস্থাৰ বিকাশে ভাৰতীয় নৌবাহিনীৰ প্রতিৰক্ষামূলক ক্ষমতাক আৰু শক্তিশালী কৰিব। প্রতিৰক্ষা বিভাগৰ R&D সচিব আৰু ডিআৰডিঅ’ চেয়াৰমেন ড° জি সতীশ ৰেড্ডিয়ে কয় যে, পৰীক্ষাটোৱে ভাৰতীয় নৌ জাহাজত দেশীয় অস্ত্র ব্যৱস্থাত অন্যতম মাত্রা যোগ কৰিলে। এইটো প্রমাণিত যে VL-SRSAM ভাৰতীয় নৌবাহিনীৰ বাবে এক শক্তি হিচাবে প্রমাণিত হ’ব। মিছাইলৰ সফল উৎক্ষেপণৰ ফটো ছেয়াৰ কৰি ৰাজনাথ সিঙে কয়— “উৰিষ্যাৰ পৰা ভার্টিকেল-লঞ্চ, স্বল্প-দূৰত্বৰ, চাৰফেচ-টু-এয়াৰ মিছাইলৰ সফল উৎক্ষেপণৰ বাবে ডিআৰডিঅ’ আৰু নৌবাহিনীক অভিনন্দন। এই সাফল্যই সেনাৰ শক্তি আৰু কেইবা গুণ বৃদ্ধি কৰিব। আকাশপথত যুদ্ধক্ষেত্রত ভাৰত আৰু শক্তিশালী হ’ল বোলাই বাহুল্য।” ভাৰতীয় নৌবাহিনীৰ যুদ্ধজাহাজবোৰে আকাশপথেৰে হোৱা আক্ৰমণৰ উত্তৰ আৰু কাঢ়াকৈ দিব পাৰিব বুলি আশাবাদী বার্তা দিছে ৰাজনাথ সিঙে। প্রতিৰক্ষা উৎপাদন বিভাগেও টুইট কৰিছে— ”আত্মনির্ভৰ প্রতিৰক্ষা’-ৰ সাফল্যৰ পিছত মূল অৱদান ৰাখিছে। সেয়ে অভিনন্দন ভাৰতীয় নৌবাহিনীক, তেওঁলোকৰ ভার্টিকেল-লঞ্চ, স্বল্প-দূৰত্বৰ চাৰফেচ-টু-এয়াৰ মিছাইলৰ সফল উৎক্ষেপণৰ বাবে।” ইফালে জুন মাহৰ আৰম্ভণিতেই উৰিষ্যা উপকূলত সফলভাৱে অগ্নি-৪ ক্ষেপণাস্ত্র পৰীক্ষা কৰা হয়, যি দেশৰ সামৰিক সক্ষমতাৰ এক উল্লেখযোগ্য বৃদ্ধি হিচাবে চিহ্নিত কৰা যায় । প্রতিৰক্ষা মন্ত্রণালয়ে জনাইছে যে, ষ্ট্ৰেটেজিক ফোর্চেচ কমাণ্ডৰ তত্ত্বাৱধানত পৰিচালিত নিয়মিত ব্যৱহাৰকাৰী প্রশিক্ষণ লঞ্চৰ এক অংশ আছিল পৰীক্ষাটো। এক বিবৃতিত জনোৱা হৈছে যে, ‘সফল পৰীক্ষাটোৱে ভাৰতৰ শক্তিবৃদ্ধি নিশ্চিত কৰে। সন্ধ্যা ৭.৩০ মিনিটত উৰিষ্যাৰ এপিজে আব্দুল কালাম দ্বীপৰ পৰা ক্ষেপণাস্ত্রটো পৰীক্ষা কৰা হয়। চৰকাৰে কয় যে, লঞ্চটো সমস্ত অপাৰেচনেল পেৰামিটাৰ আৰু চিষ্টেমৰ নির্ভৰযোগ্যতাৰে কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.