শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : সিদ্ধান্ত হৈছিল পূৰ্বেই। ১০ মে’ মঙলবাৰে তাকেই আনুষ্ঠানিকভাৱে জনাই দিলে গুগল কর্তৃপক্ষই। ১১ মে’ৰ পৰা এণ্ড্ৰইড ফোনত কল ৰেকর্ডিং কৰাৰ সকলো বাহ্যিক এপ্লিকেচন (এপ) বাতিল হৈ যাব। এপ্রিল মাহত সংস্থাটোৱে জনাইছিল যে, গুগল প্লে ষ্ট’ৰৰ পৰা সমস্ত কল ৰেকর্ডিং এপ নিষিদ্ধ কৰা হ’ব। ১০ মে’ত ঘোষণা কৰা হল দিন-ক্ষণ। অর্থাৎ এইবাৰৰ পৰা ফোনত কল ৰেকর্ড কৰাৰ নিজা চফ্টৱেৰ নাথাকিলে বাহিৰৰ কোনো এপ নতুনকৈ ডাউনলোড কৰি কথোপকথন ৰেকর্ড কৰিব পৰা নাযাব। উল্লেখ্য যে, কল ৰেকর্ডিং এপবোৰক লৈ বেছ কিছুদিন ধৰি আপত্তি শুনা গৈছিল। এণ্ড্ৰইডৰ দশম ৰূপটো অহাৰ পিছত গুগল কর্তৃপক্ষই জনাইছিল যে, গ্রাহকসকলৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা মনত ৰাখি কল ৰেকর্ড কৰাৰ এই ব্যৱস্থা বন্ধ কৰি দিব বিচাৰে তেওঁলোকে। অৱশ্যে তাৰ পিছতো অতদিন ধৰি এপিআই ব্যৱস্থাত বাহিৰৰ কিছু এপ ব্যৱহাৰ কৰি ফোনৰ কথোপকথন ৰেকর্ড কৰা হৈছিল। ১১ মে’ৰ পৰা সেই ব্যৱস্থা বন্ধ হৈ যাব। বহু দেশতেই ব্যক্তি স্বাধীনতা আৰু গোপনীয়তাৰ কথা মনত ৰাখি ফোনৰ কথোপকথন ৰেকর্ড কৰা আইনত নিষিদ্ধ। ফলত সেই দেশবোৰত গোটেই বিষয়টো লৈ নানা আইনী জটিলতাত জড়িত হৈ পৰিছিল গুগল। এই পদক্ষেপৰ ফলত এই ধৰণৰ আইনী জটিলতা নোহোৱা কৰাৰ সম্ভাৱনা আছে। অৱশ্যে চাঅ’মি, ছেমাছাং, ৱান প্লাছ আৰু অপ’ৰ দৰে মোবাইল নির্মাতা সংস্থাসমূহৰ নিজা কল ৰেকর্ডিং ব্যৱস্থা আছে। ফলত তেওঁলোকৰ ফোনবোৰত এই পৰিসেৱা বহাল থাকিব ১১ মে’ৰ পিছতো।