শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুনঃ প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যায়সমূহৰ ১৬ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ মহলাৰ পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকন্ঠীয় অঞ্চল সমূহত হোৱা প্ৰবল বৰষুণৰ বাবে পৰিবহণ ব্যাৱস্থা বিপন্ন হৈ পৰাৰ লগতে বিজুলী সংযোগো বহু স্থানত বিকল হৈ পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছুদিনৰ ভিতৰতে নতুনকৈ পৰীক্ষাৰ দিন ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে নলবাৰী জিলাতো প্ৰতিকূল বতৰৰ বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ যে নেৰা-নেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰবাসী প্ৰায় ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বহুস্থানত আনকি জনসাধাৰণে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে ঘৰৰ বাহিৰলৈয়ো ওলাই আহিব পৰা নাই। এইসকল লোকক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে। উল্লেখ্য যে ধাৰাষাৰ বৰষুণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ AT 8, AT 9, RCC 5, RCC 8 আবাস জলমগ্ন হৈ আছে । কৃত্ৰিম বানৰ বাবে আবাসত থকা ছাত্ৰ-ছাত্ৰীসকল জলবন্দী হৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক পৰীক্ষা পিছুৱাই দিয়াৰ বাবে দাবী জনায় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দাবীৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা পিছুৱাই দিয়াৰ ব্যৱস্থা কৰে ।

পূৰ্বৱৰ্তী লেখা
চৰকাৰী বিভাগৰ কৃপাত তেজপুৰ কৃত্ৰিম বানত জুৰুলা চহৰলৈ পৰিৱৰ্তন
পৰৱৰ্তী লেখা