প্ৰতিশোধ

0 54

 

-বিনয় কৃষ্ণ তামুলী ফুকন

তুমি মোৰ বাগিছাৰ গোলাপ এপাহ চুৰি কৰিলা
মই তোমাৰ বলধ গৰুটো মনে মনে লৈ আহিলোঁ
তুমি মোৰ চোলাটোৰ বুকুৰ বুটাম এটা আঁজুৰি চিঙিলা
ধুতিখন খুলি তোমাক নাঙঠ কৰিলোঁ।
খঙত একো নাই হৈ
তুমি মোক বুকুত বহুৱাই দিলা তৰোৱাল
আৰু মোৰ আত্মীয়বোৰে তোমাৰ ঘৰটো জ্বলাই দিলে।
তাৰ পিছত জ্বলিল
চুবুৰী, গাঁও, নগৰ…
গোলাপজোপাৰ গুৰিত ছাঁইবোৰ পৰি
সৰুৱা হ’ল মাটি
আকৌ এথোপা গোলাপ ফুলিল।
তাৰ সৌন্দৰ্য চাবলৈ কোনো নাথাকিল।
পোৰা ভেটিবোৰৰ পৰা
মঙহ পোৰাৰ কেচেমা গোন্ধ এটা
গোলাপৰ সুৱাসৰ স’তে মিলি গ’ল।

মন্তব্য দিয়ক

Your email address will not be published.