শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ দুদিন পূৰ্বে দুটা চৰকাৰী কাৰ্যসূচী লৈ অসমলৈ আগমন ঘটিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত মানুহ গোটোৱাৰ বাবে তৎপৰ হৈ উঠিছিল ৰাজ্য চৰকাৰ । অধিগ্ৰহণ কৰা হৈছিল শ শ বাছ আৰু অন্যান্য চাৰিচকীয়া বাহন । পিছ পৰি থকা নাছিল কেন্দ্ৰৰ অধীনস্থ ৰে’ল বিভাগো । প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড়ৰ সভালৈ মানুহ অনা নিয়া কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৰ তিনিচুকীয়া সংমণ্ডলে সেইদিনা চলাইছিল ৬ খন বিশেষ ৰে’ল । আমগুৰি, নামৰূপ, শিৱসাগৰ, তিনিচুকীয়া, ডাঙৰী আৰু লিডুৰ পৰা ডিব্ৰুগড়লৈ উক্তদিনা চলাচল কৰা এই ৬ খন বিশেষ ৰে’লত প্ৰধানমন্ত্ৰীৰ সভালৈ গৈছিল প্ৰায় ১৬,৫০০ জন লোক । এইসকল যাত্ৰীৰ পৰা তিনিচুকীয়া ৰে’ল সংমণ্ডলে মুঠ ১০৯,২৮,১০০ টকা ভাড়া হিচাপে সংগ্ৰহ কৰে । নিতৌ টিকট অবিহনে ৰেলযাত্ৰা কৰা লোকৰ বাবে লোকচান ভৰিবলগীয়া হোৱা ৰে’ল বিভাগে প্ৰধানমন্ত্ৰীৰ সভা উপলক্ষে বিশেষ ৰে’ল চলাই কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাত তিনিচুকীয়া ৰে’ল সংমণ্ডলত উৎসাহ পৰিলক্ষিত হৈছে ।
